ETV Bharat / state

টেঙাখাতত বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ডিব্ৰুগড় জিলাৰ টেঙাখাতত বিদ্যুৎ স্পৃষ্ট হৈ নিতুল নেওগ নামৰ এজন যুৱকৰ মৃত্যু হয় ৷ ইনভাৰ্টাৰ সংযোগ কৰি থাকোতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হয় যুৱকজনৰ ৷

টেঙাখাতত বিদ্যুতস্পৃষ্ট হৈ যুৱকৰ মৃত্যু
টেঙাখাতত বিদ্যুতস্পৃষ্ট হৈ যুৱকৰ মৃত্যু
author img

By

Published : Apr 3, 2021, 9:25 PM IST

ডিব্ৰুগড়, 3এপ্ৰিল: শনিবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত বৰবামত বিদ্যুৎ স্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হয় | নিতুল নেওগ নামৰ যুৱকজনে নিজা বাসগৃহত ইনভাৰ্টাৰ সংযোগ কৰি থাকোতে বিদ্যুৎ স্পৃষ্ট হয় আৰু কৰুণভাৱে মৃত্যুক সাৱটি লয় ।

টেঙাখাতত বিদ্যুতস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

পৰিয়ালৰ লোকে যুৱক জনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । মৃত্যুৰ সময়ত নিতুল নেওগে পৰিবাৰসহ এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে । নিতুল নেওগৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

অন্য এক খবৰৰ বাবে: তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে নৰেন্দ্ৰ মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.