মৰাণ, ২ এপ্ৰিল: বৃহস্পতিবাৰে ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিলে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ দৈনিক জনমভূমি কাকতৰ সাংবাদিক ৰমেশ হাজৰিকাৰ বাসগৃহ । সাংবাদিকজনে জানিবলৈ দিয়া মতে, হঠাৎ অহা ধুমুহাই জকাই ওলোম গাওঁস্থিত তেওঁৰ বাসগৃহৰ কাষতে থকা দুজোপা গছৰ ডাল ভাঙি সাংবাদিকজনৰ বাসগৃহৰ ওপৰত পৰে । গছৰ ডাল ভাঙি পৰাত ঘৰটোৰ টিনপাত নষ্ট হয় । কেৱল এয়াই নহয়, গোহালিৰ ওপৰতো গছ উভালি পৰে ।
ফলত গোহালিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হয় । সংবাদ সেৱাৰ বাহিৰে বিশেষ কোনো ধৰণৰ উপাৰ্জনৰ পথ নথকা সাংবাদিকগৰাকীৰ বাসগৃহটো ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰাত এতিয়া সমস্যাত পৰিছে সাংবাদিকগৰাকী ।
চুবুৰীয়াই গছৰ ডাল আঁতৰাই সাংবাদিকগৰাকীক কিছু সহায় কৰিছে যদিও প্ৰশাসনৰ কোনো লোক বাতৰি সংগ্ৰহ কৰা সময়লৈকে উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে । ইফালে, সাংবাদিক ৰমেশ হাজৰিকাই ডিব্ৰুগড় জিলা উপায়ুক্তগৰাকীক ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ আহ্বান জনোৱাৰ লগতে সহায়ৰ বাবেও অনুৰোধ জনাইছে । আনহাতে, ধুমুহাত ঘৰটোৰ ক্ষতিসাধন হয় যদিও কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:সোণৰ কলহ বিচাৰি দ গাঁতত কালী পূজা দম্পতীৰ