ডিব্ৰুগড়, 27 মে': বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ইতিমধ্যে বহুতো গাঁৱ বাহনী পানীৰে বুৰাই পেলোৱাৰ লগতে পানীত বুৰ গৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৷ ইয়াৰ মাজতে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ থকা হৈ থকা মথলা চাপৰিত দেখা গৈছে এজাক বন ঘৰচীয়া ঘোঁৰা ৷ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থকা এই আপুৰুগীয়া বন ঘৰচীয়া ঘোঁৰা কেইটাক বনবিভাগে উদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে স্থানীয় লোকে ৷ অন্যথা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মথলা চাপৰি বুৰাই পেলালে যিকোনো মুহূৰ্ততে ঘোঁৰা কেইটাৰ জীৱনলৈ বিপদ নমাই আনিব বুলি আশংকা কৰিছে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, অসমৰ পূব প্ৰান্তৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আংশিক মাটিকালিৰে গঠিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা পোৱা উদ্যান ৷ কথিত আছে যে,এই ঘোঁৰা সমুহ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সৈন্যই ব্যৱহাৰ কৰিছিল ৷ যুদ্ধ অন্ত পৰাৰ পাছত ইংৰাজ সৈন্যই এই ঘোঁৰাবোৰ ইংলেণ্ডলৈ ঘুৰাই নিনি জংঘলত মুকলি কৰি দিছিল ৷ সেই ঘোঁৰা সমুহ অসমৰ একমাত্ৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত দেখা যায় ৷ শেহতীয়াকৈ অকস্মাৎ ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হোৱাত বহুতো ঘোঁৰা উটি যোৱাৰ সন্দেহ কৰিছিল প্ৰকৃতিপ্ৰেমী সকলে ৷ ইয়াৰ মাজতে হৰ্ঠাৎ এনেদৰে বন ঘৰচীয়া ঘোঁৰাৰ জাকটো দেখা পায় ঘোঁৰা কেইটা উদ্ধাৰৰ বাবে বনবিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ চিৰাঙত একেদিনাই উদ্ধাৰ তিনিটাকৈ দুস্প্ৰাপ্য বন্য প্ৰাণী