মৰাণ, 29 জুন : ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি উপাৰ্জনৰ পথ হেৰুৱাই দিশহাৰা হৈছে দেশৰ বহুলোক ৷ আৰ্থিকভাৱে শক্তিশালীসকলে ঘৰতে সান্ধ্য আইন তথা লক ডাউনৰ সময় উপভোগ কৰাৰ বিপৰীতে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়াল ৷ ইয়াৰ মাজতো পৰিস্থিতিৰে হাৰ নামানি, নিজৰ একমাত্ৰ উপাৰ্জনৰ পথেৰেই যি পাৰে উপাৰ্জন কৰি জীৱন সংগ্ৰাম চলাই নিছে লখিমপুৰৰ বিশেষভাৱে সক্ষম শিল্পী লক্ষী দাসে ৷
মৰাণৰ পদপথৰ কাষত ৰাইজৰ পৰা দুই-এটকাৰ সহায় বিচাৰি প্ৰতিদিনে এনেদৰে এটাৰ পাছত আন এটা গীত গাই গৈছে শিল্পী গৰাকীয়ে ৷ উল্লেখ্য যে, দিন দুপৰতে সান্ধ্য আইন আৰম্ভ হোৱাত জনশূণ্য ৰাজপথতে পুত্ৰক কাষত লৈ প্ৰতিদিনেই গীত গাই গৈছে লক্ষী দাসে ৷ এনেকৈয়ে এতিয়া মৰাণৰ ৰাজপথত জীৱন সংগ্ৰাম চলাইছিল লখিমপুৰৰ এইগৰাকী বিশেষভাৱে সক্ষম শিল্পী লক্ষী দাসে ৷
লগতে পঢ়কঃ শাসকৰ শোষণ-বঞ্চনাৰ বাবে বাগিছাত আকৌ শুনিব মৃত্যুৰ কিৰিলি !