মৰাণ, ১৭ ডিচেম্বৰ : আভ্যন্তৰীণ সংঘাতে একপ্ৰকাৰ দুৰ্বল কৰি পেলাইছে কংগ্ৰেছ দলটোক । অসমৰ ৰাজনীতিত কংগ্ৰেছ দল এতিয়া তীব্ৰ সংকটত ভূগিছে । বিভিন্ন সময়ত বিৰোধী দল কংগ্ৰেছৰ ভুলনীতিৰ বাবেই শ’লঠেকত পৰা দেখা যায় দলটোক । বিগত সময়ৰ নিৰ্বাচনসমূহৰ ফলাফলেও তাকেই স্পষ্ট কৰে ৷
ইফালে অসমত দলীয় ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণ ব্যৰ্থ হৈছে কংগ্ৰেছ দল । শেহতীয়াকৈ কংগ্ৰেছ দলে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মীসকলক উৎসাহিত কৰিবলৈ বিভিন্ন পন্থা হাতত লৈছে যদিও বিফল হৈছে দলটো । লক্ষণীয়ভাৱে উজনি অসমত বিজেপিয়ে এক শক্তিশালী স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ ভেটি অত্যাধিক দুৰ্বল হোৱাৰ দিশে গতি কৰিছে । অৱশ্যে বিভিন্ন জিলাত কংগ্ৰেছে কৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে ।
ডিব্ৰুগড়ৰ জিলাৰো বিভিন্ন স্থানত কংগ্ৰেছৰ কৰ্মীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে দলটোৱে । কিন্তু তেনে প্ৰশিক্ষণৰ মাজতে পুনৰ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে (Congress workers join BJP) । শুকুৰবাৰে মৰাণৰ তিলৈ ডোমৰ দলং গ্ৰেজিংবাম খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বিজেপিত যোগদান কৰে কংগ্ৰেছ কৰ্মীসকলে ।
মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে দলীয় গামোচাৰে আদৰণি জনায় কৰ্মীসকলক । অনুষ্ঠানত বিজেপিৰ নেতা আৰু আন কৰ্মীসকলো উপস্থিত থাকে । ইয়াৰ পাছতে ডিব্ৰুগড় কংগ্ৰেছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছ । কংগ্ৰেছে দলীয় কৰ্মীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ সময়তে এনেদৰে দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে দলত্যাগ কৰাত দলটোৰ বৃহৎ ক্ষতি হ'ব বুলিও ধাৰণা কৰা হৈছে ।
লগতে পঢ়ক : Lok Sabha Election 2024: দায়িত্ব বাঢ়িল সোণোৱাল, তেলী, কলিতা, ৰয়, তাচাৰ