ETV Bharat / state

আজিৰে পৰা আৰম্ভ সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন

author img

By

Published : Nov 27, 2021, 7:16 PM IST

উদুলি-মুদুলি ডিব্ৰুগড়ৰ গগন চন্দ্ৰ সোণোৱাল সমন্বয় ক্ষেত্ৰ । শনিবাৰৰ পৰা আৰম্ভ হৈছে সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন(Sonowal Kachari Sahitya Sabha conference)। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশনখন ।

Biennial conference of Sonowal Kachari Sahitya Sabha
সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিৱেশন

মৰাণ, ২৭ নৱেম্বৰ: আজিৰে পৰা ডিব্ৰুগড় জিলাৰ গগন চন্দ্ৰ সমন্বয় ক্ষেত্ৰ হাতীমূৰা ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হৈছে সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন(Sonowal Kachari Sahitya Sabha in Dibrugarh)। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দ্বি-বাৰ্ষিক অধিৱেশনখন(Sonowal Kachari Sahitya Sabha biennial conference) । অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা ৮ বজাত গগন চন্দ্ৰ সোণোৱাল সমন্বয় ক্ষেত্ৰৰ মূল দ্বাৰ আৰু ক্ষেত্ৰ উদ্বোধন কৰে সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘৰ সভাপতি ভূবন চন্দ্ৰ বড়াই । লগতে বুলন চন্দ্ৰ সোণোৱাল সোঁৱৰণী মঞ্চ উদ্বোধন কৰে ৠষিকেশ শইকীয়াই ।

আনহাতে, খ্ৰীং খ্ৰীং বাইথ' ক্ষেত্ৰ উদ্বোধন কৰিব মূল মন্দিৰৰ মজিন্দাৰ হেৰেম্ব সোণোৱালে । সোণোৱাল কছাৰী সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সদৌ অসম সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ সোণোৱালে আৰু স্মৃতি তৰ্পন কৰে সাহিত্য সভাৰ মুখ্য সম্পাদক শিৱনাথ সোণোৱালে । ইয়াৰ উপৰিও জাতীয় সংহতি স্থাপনত জনগোষ্ঠীয় সাহিত্য সভাৰ ওপৰত বহল বিশ্লেষণ বিষয়ক আলোচনা সভাত মুখ্য আলোচক হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়া । উক্ত অনুষ্ঠানতে ৫০ খন গ্ৰন্থ উন্মোচন কৰা হ'ব ।

ইয়াৰে মূল গ্ৰন্থখন উন্মোচন কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । নিশাৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । দুয়োটা দিনতে উদ্যোক্তাসকলে সকলো ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে ।

লগতে পঢ়ক:Historical asset recovered : নলা খান্দোতে উদ্ধাৰ ৰজাদিনীয়া সম্পদ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.