মৰাণ, 4 জানুৱাৰী: মৰাণ-নাহৰকটীয়া বাছ আস্থানৰ সমীপস্থিত এল.এল ডান্স ষ্টুডিঅ'ই অতিক্ৰম কৰিলে এটা বৰ্ষ ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰশিক্ষক তথা প্ৰশিক্ষাৰ্থী সকলে দেওবাৰে উদযাপন কৰিলে অনুষ্ঠানটোৰ প্ৰথম বৰ্ষপুৰ্তি ৷ অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ উপস্থিত থাকি ডান্স ষ্টুডিঅ'ৰ সকলো লোককে শুভেচ্ছা জ্ঞাপন কৰে ৷
কণ্ঠশিল্পী গৰাকীয়ে কয়, বৰ্তমান সময়ত উজনি অসমত নৃত্যৰ স্বীকৃতি নাই যদিও এল.এল ডান্স গ্ৰুপে যি প্ৰয়াস হাতত লৈছে সঁচাই প্ৰশংসনীয় ৷ যিয়ে মৰাণ আৰু মৰাণৰ দাঁতিকাষৰীয়া অঞ্চলত নৃত্যশিল্পী সকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায় কৰিছে ৷ বৰ্ষপুৰ্তি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক কৰুণা ফুকন, ৰাজু মিশ্ৰ, সমাজসেৱক অসীম বৰুৱা, কুসুম কৈলাশৰ পত্নী ডেইজী কৈলাশ মহন ৷
লগতে পঢ়ক: বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা