ধুবুৰী,13ফেব্ৰুৱাৰী:ধুবুৰীবাসীৰ বাবে আছে এক সুখবৰ ৷ গোলকগঞ্জত স্থাপন কৰা হ'ব বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয় ৷ শনিবাৰে সদনৰ মজিয়াত অসম চৰকাৰৰ অন্তিমখন বাজেট অধিৱেশনত শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোলকগঞ্জত বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা আৰু যাৱতীয় কাম-কাজ তীব্ৰ গতিত চলি থকা বুলি উল্লেখ কৰাৰ পিছতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এতিয়া গোলকগঞ্জত ৷
বীৰ চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ভাৰত ভূষণ মহন্তীয়ে মন্তব্য কৰি কয়, শিক্ষাৰ ক্ষেত্ৰত ধুবুৰী জিলাক বিশেষ উপকৃত কৰি তোলাৰ লগতে এই বিশ্ববিদ্যালয়ে নামনি অসমৰ ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট উপকৃত কৰিব ৷ তদুপৰি পশ্চিমবংগৰ ছাত্ৰ-ছাত্ৰী সকলেও বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়ত পাঠদান গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ।
লগতে পঢ়কঃ শোকাকুল পৰিবেশৰ মাজতে হাজোৰ বাসগৃহ পালেহি কৃষ্ণ বৈশ্যৰ মৃতদেহ