ETV Bharat / state

ধুবুৰীত কাৰ ছত্ৰছায়াত চলিছে চিণ্ডিকেট - চিণ্ডিকেট

দীৰ্ঘদিনে ধুবুৰীত উপায়ুক্ত, বন বিষয়া, বিধায়কৰ সহযোগত কাঠৰ চিণ্ডিকেট চলি থকাৰ অভিযোগ স্থানীয় লোকৰ লগতে, বিভিন্ন দল-সংগঠনৰ ৷

wood syndicate in dhubri in association with forest officer

author img

By

Published : Jul 12, 2020, 2:14 PM IST

ধুবুৰী, 12 জুলাইঃ ধুবুৰীত বিধায়ক, বন বিষয়াকে ধৰি কেইবাগৰাকীও লোকৰ বিৰুদ্ধে উত্থাপন হৈছে লুণ্ঠনৰ অভিযোগ ৷ ধনৰ বিনিময়ত ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ বহু লোকক প্ৰদান কৰা হৈছে কাঠফলা মিলৰ অনুজ্ঞাপত্ৰ ৷ যাৰ বাবে হকে-বিহকে ভিন্ন স্থানত গঢ় লৈ উঠিছে কাঠফলা মিল ৷ ধুবুৰী জিলাৰ পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী, বন বিষয়া আৰু উপায়ুক্তৰ সহযোগিতাত দিনে-নিশাই অবৈধভাৱে বালি, শিল, কাঠ আদিৰ চিণ্ডিকেট চলি আছে ৷ স্থানীয় লোক তথা দল-সংগঠনে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধুবুৰীৰ জিলা উপায়ুক্তক দীৰ্ধদিনে আবেদন জনাই আহিছে যদিও, এই পৰ্যন্ত তেওঁলোকৰ আবেদনত গুৰুত্ব প্ৰদান কৰা নাই জিলা উপায়ুক্ত গৰাকীয়ে ৷ এই অভিযোগ উত্থাপন কৰে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নাজিমুল হকে ৷ বিধায়ক অশোক কুমাৰ সিংহীৰ নিৰ্দেশমৰ্মে দীৰ্ঘদিন ধৰি ধুবুৰী অঞ্চলত বন ধ্বংসৰ লগতে অবৈধ চিণ্ডিকেট চলি আছে বুলি উল্লেখ কৰে কৃষক নেতা গৰাকীয়ে ৷

উচ্চ পদস্থ লোকৰ সহযোগত ধুবুৰীত চিণ্ডিকেটৰ অভিযোগ

আনহাতে ধুবুৰী জিলাৰ বন বিষয়া বিশ্বজিৎ ৰায়ৰ নেতৃত্বত চলি আছে কাঠৰ চিণ্ডিকেট ৷ এই অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, বন বিষয়া গৰাকীৰ চহী সম্বলিত সকলো কামৰে লেনদেন কৰে তেওঁৰ পত্নীয়ে ৷ তেওঁৰ পত্নীয়ে নিৰ্ধাৰণ কৰা দামেৰেই চলি আছে এই চিণ্ডিকেট ৰাজ ৷ ধুবুৰীত থকা 150 টা কাঠফলা মিলৰ ভিতৰত 100 টা মিলেই অবৈধ বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ স্থানীয় লোকে, বৰপেটাৰ পৰা অনা অবৈধ কাঠেৰে এই সকল উচ্চ পদস্থ ব্যক্তিয়ে লুণ্ঠন চলাই আছে বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে বন বিষয়াই প্ৰতিখন ট্ৰাকত অনা শাল, চেগুন, পাইন আদি কাঠৰ বিনিময়ত ঘটি আছে 50 হাজাৰকৈ টকা ৷ ইয়াৰোপৰি দীৰ্ঘদিনে নৈৰ শিল, বালি আদিৰো অবৈধ বেহা চলি আছে ধুবুৰীত ৷ এই বিষয়ে কিছুদিন পূৰ্বে হোৱাট্ছ এপযোগে স্থনীয় লোকে বন বিষয়া তথা চৰকাৰী কৰ্তৃপক্ষক জনাইছে যদিও, আজি পৰ্যন্ত এই বেহাৰ বিৰুদ্ধে কৰ্তৃপক্ষই কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়কঃ এইবাৰ জয়ন্ত মল্ল বৰুৱাক ওভতি ধৰিছে মৰিগাওঁ আছুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.