ETV Bharat / state

বিলাসীপাৰাত যৌতুকৰ দাবীত পত্নীক ডিঙি চেপি হত্যা স্বামীৰ

স্বামী মইদুল হকে পত্নী আনোৱাৰাক হত্যা কৰাৰ অভিযোগ উঠিছে ৷ নিহত মহিলা গৰাকীৰ পৰিয়ালে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰে ৷

যৌতুকৰ দাবীত পত্নীক ডিঙি চেপি হত্যা
author img

By

Published : May 9, 2019, 8:55 AM IST

বিলাসীপাৰা , 09 মে': বিলাসীপাৰাৰ বাঘমাৰী 1ম খণ্ড গাঁৱত বুধবাৰে নিশা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ গাঁও খনৰ মইদুল হক ওৰফে মুকুল নামৰ লোক এজনে পত্নী আনোৱাৰা বিবিক যৌতুকৰ দাবীত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ নিহত মহিলা গৰাকীৰ পৰিয়ালে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰে ৷

যৌতুকৰ দাবীত পত্নীক ডিঙি চেপি হত্যা

অভিযোগ অনুসৰি মইদুল হকে দীৰ্ঘ দিনৰ পৰা পত্নীৰ পৰিয়ালৰ পৰা ধন আৰু যৌতুক দাবী কৰি আহিছে ৷ ধন আৰু যৌতুক দাবী কৰি মইদুলে পত্নী আনোৱাৰা বিবিক বিয়াৰ পিচৰে পৰা শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ দিয়ে নিহত মহিলা গৰাকীৰ পৰিয়ালে ৷ পৰিয়ালৰ লোকৰ মতে যৌতুক দাবীৰ পৰিণতিতে মইদুল হকে বুধবাৰে নিশা আনোৱাৰাক ডিঙি চেপি হত্যা কৰে ৷ ইপিনে হত্যাকাণ্ডৰ খবৰ পাই বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু ৰাণীগঞ্জ আৰক্ষীৰ লগতে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হয় ৷ আনহাতে আৰক্ষীৰ উপস্থিতিৰ উমান পাই অভিযুক্ত মইদুল হকে পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহ টো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ লগতে নিশাই মৃত মহিলা গৰাকীৰ ভাতৃ আতোৱাৰ ৰহমানে ৰাণীগঞ্জ আৰক্ষী চকীত হত্যাৰ অভিযোগত মইদুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

Intro:A. I - বিলাসীপাৰাৰ বাঘমাৰী ১ম খণ্ড গাঁৱত বুধবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ | স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে | গাঁও খনৰ মইদুল হক ওৰফে মুকুলে নিজ পত্নী আনোৱাৰা বিবিক(৩২) ডিঙি চেপি হত্যা কৰে | এই গুৰুতৰ অভিযোগ নিহত মহিলা গৰাকীৰ পৰিয়ালৰ |Body:V. O - গাঁও খনৰ মইদুল হকে দীৰ্ঘ দিনৰ পৰা পত্নীৰ পৰিয়ালৰ পৰা ধন আৰু যৌতুক দাবী কৰি আহিছে | ধন আৰু যৌতুক দাবী কৰি পত্নী আনোৱাৰা বিবিক বিয়াৰ পিছৰে পৰা শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ নিহত মহিলা গৰাকীৰ পৰিয়ালৰ | পৰিয়ালটোৰ মতে ইয়াৰ পৰিনতিতে মইদুল হকে বুধবাৰে নিশা আনোৱাৰাক ডিঙি চেপি হত্যা কৰে | ইফালে হত্যাকাণ্ডৰ খবৰ পাই বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, ৰাণীগঞ্জ আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হয় ঘটনাস্থলীত | আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে অভিযুক্ত মইদুল হক | পিছত আৰক্ষীয়ে মৃতদেহ টো মৰোনোত্তৰ পৰীক্ষাৰ বাবে নিশাই ৰাণীগঞ্জ আৰক্ষী চকীত লৈ যায় |Conclusion:আনহাতে নিশাই মৃত মহিলা গৰাকীৰ ভাতৃ আতোৱাৰ ৰহমানে ৰাণীগঞ্জ আৰক্ষী চকীত হত্যাৰ অভিযোগত মইদুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে | সমগ্ৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে |
Bite
1. নিহতৰ আত্মীয়
2. স্থানীয় নাগৰিক,
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ৰিপ'ৰ্ট
ETV BHARAT ASSAM.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.