ETV Bharat / state

নিৰ্যাতন সহিব নোৱাৰি আত্মহনন মহিলাৰ - মহিলা

স্বামীগৃহৰ নিৰ্যাতন সহিব নোৱাৰি নিজ মাতৃৰ সন্মুখতেই ৰেলৰ আগত জঁপিয়াই আত্মহত্যা কৰে ধুবুৰীৰ এগৰাকী মহিলাই । ঘটনাৰ পিচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শাহু, দেৱৰ আৰু ননদসহ স্বামী পৰিয়ালৰ পাঁচজন । আনহাতে বৰ্তমানেও পলাতক হৈ আছে মহিলাগৰাকীৰ স্বামী ।

নিৰ্যাতন সহিব নোৱাৰি আত্মসনন মহিলাৰ
author img

By

Published : Sep 9, 2019, 11:55 PM IST

চিৰাং আৰু ধুবুৰী, 9 ছেপ্তেম্বৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মহিলা নিৰ্যাতনৰ ঘটনা। সঘনাই যৌতুকজনিত কাৰণত স্বামী পৰিয়ালে নিৰ্যাতন চলাই অহা ঘটনা পোহৰলৈ আহিছে।

এনে সময়তে আন এক মহিলা নিৰ্যাতনৰ কৰুণ ঘটনা পোহৰলৈ আহিছে ধুবুৰীত । ধুবুৰী চহৰৰ তেৰ নম্বৰ ৱাৰ্ডৰ শান্তি নগৰৰ দিপাংকৰ মিত্ৰৰ সৈতে প্ৰায় চাৰি বছৰমান পূৰ্বে বিবাহ সম্পন্ন হৈছিল বিজনীৰ বেদনা সাহা ওৰফে বেদনা মিত্ৰ নামৰ মহিলা গৰাকীৰ । স্বামীৰ সৈতে সুখৰ সংসাৰ গঢ়াৰ সপোন লৈ স্বামী গৃহত ভৰি দিয়াৰ পিছত স্বামী স্ত্ৰীৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে জন্ম হয় এটি কন্যা সন্তান । কিন্তু অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা বেদনাৰ ওপৰত স্বামী পৰিয়ালে বিগত চাৰি বছৰৰ পৰা যৌতুকজনিত কাৰণত চলাই আহিছিল অকথ্য নিৰ্যাতন । স্বামীৰ সন্মুখতেই শাহু ননদ আৰু দেৱৰেকে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই গৈছিল অসহায় বেদনাৰ ওপৰত । এটা সময়ত এই নিৰ্যাতন চৰম পৰ্য্যায়লৈ যোৱাৰ পিছত দেওবাৰে বেদনাই নিজ কন্যাক এৰি পিতৃ গৃহলৈ ৰাওনা হয় । বিজনী ৰেল ষ্টেচন পোৱাৰ পূৰ্বে মাতৃলৈ ফোন কৰি ষ্টেচনৰ পৰা লৈ যাবলৈ কয় বেদনাই । নিজ কন্যাৰ ফোন পাই মাতৃ গৰাকীয়ে উপস্থিত হৈছিল ৰেল ষ্টেচনত । কিন্তু চাৰি বছৰীয়া দুখ যন্ত্ৰণাৰ মাজত থকা বেদনাৰ যেন সহ্যৰ সীমা পাৰ হৈছিল । যাৰ ফলত নিজ মাতৃৰ সন্মুখতেই ৰেলৰ আগত জঁপিয়াই আত্মহত্যা কৰে বেদনাই। এই ঘটনাৰ পিছতেই ক্ষোভিত হৈ পৰে ধুবুৰীৰ শান্তি নগৰৰ প্ৰতিবেশী মহিলা সকল । সোমবাৰে ৰাজ্যিক মহিলা আয়োগৰ নেতৃত্বত এদল মহিলাই ধুবুৰী আৰক্ষী থানাত উপস্থিত হৈ দোষীক শাস্তিৰ দাবীত আৰু ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰে ।

নিৰ্যাতন সহিব নোৱাৰি আত্মসনন মহিলাৰ
ইপিনে এই সকল মহিলাৰ সহযোগত ধুবুৰী আৰক্ষীয়ে বেদনাৰ শাহু আৰতি মিত্ৰ, ননদ বন্না মিত্ৰ আৰু ঝৰ্ণা মিত্ৰ, দেৱৰেক দেৱাসীস মিত্ৰ সহ পাঁচজনক আটক কৰিবলৈ সক্ষম হয় । আনহাতে ঘটনাৰ পিচৰে পৰাই পলাতক হৈ আছে স্বামী দীপাংকৰ মিত্ৰ ৷

Intro:স্বামীগৃহৰ নিৰ্যাতন সহিব নোৱাৰি ৰেলৰ আগত জঁপিয়াই নিজ মাতৃৰ সন্মুখতেই আত্মসননৰ পথ বাছি ললে ধুবুৰীৰ এগৰাকী মহিলাই। আৰক্ষীৰ জালত পৰিল শাহু, দেৱৰ-নন্দহ সহ স্বামী পৰিয়ালৰ পাঁচজন। স্বামী পলাতক।

Body:
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মহিলা নিৰ্যাতনৰ ঘটনা। সঘনাই যৌতুক জনিত কাৰণত স্বামী পৰিয়ালে নিৰ্যাতন চলাই অহা ঘটনা পোহৰলৈ আহিছে। এনে সময়তে আন এক মহিলা নিৰ্যাতনৰ কৰুণ ঘটনা পোহৰলৈ আহিছে ধুবুৰীত। দৰাচলতে ধুবুৰী চহৰৰ তেৰ নম্বৰ ৱাৰ্ডৰ শান্তি নগৰৰ দ্বীপঙ্কৰ মিত্ৰৰ সৈতে প্ৰায় চাৰি বছৰমান পূৰ্বে বিবাহ সম্পন্ন হৈছিল বিজনীৰ বেদনা সাহা ওৰফে বেদনা মিত্ৰ নামৰ মহিলা গৰাকীৰ। স্বামীৰ সৈতে সুখৰ সংসাৰ গঢ়াৰ সপোন লৈ স্বামী গৃহত ভৰি দিয়াৰ পিছত স্বামী স্ত্ৰীৰ যুগ্ম জীৱনৰ স্বাক্ষী হিচাপে জন্ম হয় এটি কন্যা সন্তান। কিন্তু অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা বেদনাৰ ওপৰত স্বামী পৰিয়ালে বিগত চাৰি বছৰৰ পৰা যৌতুকজনিত কাৰণত চলাই আহিছিল অকথ্য নিৰ্যাতন। স্বামীৰ সন্মুখতেই শাহু নন্দহ আৰু দেৱৰে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই গৈছিল অসহায় বেদনাৰ ওপৰত। এটা সময়ত এই নিৰ্যাতন চৰম পৰ্য্যায়লৈ যোৱাৰ পিছত দেওবাৰে বেদনাই নিজ কন্যাক এৰি পিতৃ গৃহলৈ ৰৌওঁনা হয়। বিজনী ৰেল ষ্টেচন পোৱাৰ পূৰ্বে মাতৃলৈ ফোন বেদনাৰ। " মা মই আহিছোঁ। মোক ষ্টেচনৰ পৰা লৈ যোৱা"। নিজ কন্যাৰ ফোন পাই মাতৃ গৰাকীয়ে উপস্থিত হয় ৰেল ষ্টেচনত। কিন্তু চাৰি বছৰীয়া দুখঃ যন্ত্ৰণাৰ মাজত থকা বেদনাৰ যেন সহ্যৰ সীমা পাৰ হৈছিল। যাৰ ফলত নিজ মাতৃৰ সন্মুখতেই ৰেলৰ আগত জঁপিয়াই আত্মসননৰ পথ বাছি লয় বেদনাই। এই ঘটনাৰ পিছতেই ক্ষোভিত হৈ পৰে ধুবুৰীৰ শান্তি নগৰৰ প্ৰতিবেশী মহিলা সকল। আজি ৰাজ্যিক মহিলা আয়োগৰ নেতৃত্বত এদল মহিলাই ধুবুৰী আৰক্ষী থানাত উপস্থিত হৈ দোষীক স্বস্তিৰ দাবীত আৰু ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰে।

Byte:- স্থানীয় মহিলা আৰু ৰাজ্যিক মহিলা আয়োগৰ সদস্যা

ইপিনে এই সকল মহিলাৰ সহযোগত ধুবুৰী আৰক্ষীয়ে বেদনাৰ শাহু আৰতি মিত্ৰ, নন্দহ বন্না মিত্ৰ আৰু ঝৰ্ণা মিত্ৰ, দেৱৰ দ্বীপকৰ মিত্ৰ আৰু দেৱাসীস মিত্ৰ সহ পাঁচজনক আটক কৰিবলৈ সক্ষম হয়। যদিওঁ স্বামী দ্বীপঙ্কৰ মিত্ৰ বৰ্তমানেও পলাতক হৈ আছে।

Conclusion:উল্লেখযোগ্য যে, এই ঘটনা পোহৰলৈ অহাৰ পিছতেই ধুবুৰীত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ফলত বিজনীৰ জীয়ৰী বেদনাৰ ওপৰত চলাই অহা নিৰ্যাতনৰ ন্যায় বিচাৰি ওলাই আহিছে ধুবুৰীৰ স্থানীয় মহিলা সকল।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.