ETV Bharat / state

ধুবুৰীৰ পেট্ৰল পাম্পত বিক্ৰী কৰা হৈছে পানীমিহলি পেট্ৰ’ল - লিটাৰে লিটাৰে বিক্ৰী হৈছে পেট্ৰল

ধুবুৰীৰ ৰেডিঅ' টকিঅ' ইকিউপমেন্ট পাম্পত লিটাৰে লিটাৰে বিক্ৰী হৈছে পানীমিহলি পেট্ৰ’ল (Water mixed petrol sold in petrol pump at Dhubri) ৷ পিছে পানীত বুৰ নোযোৱা পেট্ৰ’ল পাম্পটোত কিদৰে পানী সোমাই পৰিল সেয়াই বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷

ধুবুৰীৰ এখন পেট্ৰল পাম্পত বিক্ৰী কৰা হৈছে পানী

author img

By

Published : Jun 15, 2022, 10:57 PM IST

ধুবুৰী, 15 জুন: ধুবুৰীৰ ৰেডিঅ' টকিঅ' ইকিউপমেন্ট পাম্পত লিটাৰে লিটাৰে বিক্ৰী হৈছে পানীমিহলি পেট্ৰ'ল ৷ পেট্ৰ’ল ভৰাই গ্ৰাহকে নিজৰ নিজৰ গন্তব্যস্থলীলৈ গমন কৰে যদিও আধা বাটতে প্ৰায়ভাগৰে বিকল হৈ পৰে বাহনসমূহ । লগে লগে বাহনসমূহ মেৰামতি কৰিবলৈ গেৰেজলৈ লৈ যোৱা হয় ৷ ঠিক তেতিয়াই ওলাই পৰে ওৰহি গছৰ ওৰ (Water mixed petrol sold in petrol pump at Dhubri) ৷

ধুবুৰীৰ পেট্ৰল পাম্পত বিক্ৰী কৰা হৈছে পানীমিহলি পেট্ৰ’ল

অভিযোগ অনুসৰি, ধুবুৰীৰ শ্মশান মন্দিৰৰ নিচেই ওচৰতে থকা পেট্ৰল পাম্প এটাই বিগত কিছুদিনৰ পৰা গ্ৰাহকক পেট্ৰ’লৰ ঠাইত যোগান ধৰি আছে পানী ৷ পেট্ৰ’ল পাম্পটোৰ এনে কৰ্মকাণ্ডই সম্প্ৰতি গ্ৰাহকৰ লগতে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে, পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে সমগ্ৰ ঘটনা স্বীকাৰ কৰি এয়া নেৰানেপেৰা বৰষুণৰ ফলত হৈছে বুলি দায়সৰা মন্তব্য কৰে ।

পিছে পানীত বুৰ নোযোৱা পেট্ৰ’ল পাম্পটোত কিদৰে পানী সোমাই পৰিল সেয়াই বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷ ইফালে পানী মিহলি তেল ভৰোৱাৰ ফলত বিকল হৈ পৰা বাইকসমূহৰ ক্ষতিপূৰণ কোনে দিব তাকে লৈ সম্প্ৰতি গ্ৰাহকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: ঠিকাদাৰক ধনী কৰাৰ বাবে চৰকাৰৰ ধন মই খৰচ কৰা নাছিলো: সিদ্ধাৰ্থ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.