ধুবুৰী, 11 মে' : লক্ ডাউনৰ মাজতে ধুবুৰী জিলাৰ পানবাৰীত সোমবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ধুবুৰী জিলাৰ পানবাৰী আৰ্মী কেম্পৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
AS 17 G 2777 নম্বৰৰ এখন বাইকেৰে গোলকগঞ্জৰ ৰঞ্জিত কৰ্মকাৰে নিজৰ পত্নী বৰ্ণালী কৰ্মকাৰ আৰু চাৰি বছৰীয়া পুত্ৰ সন্তানৰ সৈতে গোলকগঞ্জ অভিমুখে গৈ থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পানবাৰীত দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাত লগে লগে নিহত হয় ৰঞ্জীত কৰ্মকাৰৰ পত্নী বৰ্ণালী কৰ্মকাৰৰ ৷ আনহাতে, গুৰুতৰভাবে আহত হোৱা ৰঞ্জিত কৰ্মকাৰে চিকিৎসালয় পোৱাৰ পাছত কৰুণভাবে মৃত্যুক সাৱটি লয় ৷ কিন্তু বৰ্তমানেও সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুজি আছে চাৰি বছৰীয়া পুত্ৰ ৰঞ্জয় কৰ্মকাৰ ৷
নিহত পতি-পত্নীৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷
লগতে পঢ়ক : ঢকুৱাখনাত অনুষ্টুপীয়াকৈ ফাট বিহু উদযাপন