ETV Bharat / state

গুৱাহাটীৰ এক হত্যাকাণ্ডৰ অভিযোগত ধুবুৰীত গ্ৰেপ্তাৰ হল দুই ভাতৃ

author img

By

Published : Sep 22, 2020, 3:07 PM IST

গুৱাহাটী মহানগৰীৰ লতাশিলত সংঘটিত এটা হত্যাকাণ্ডত জড়িত অভিযুক্তক আটক । নিজামুদ্দিন নামৰ এজন লোকক হত্যাৰ অভিযোগত ধুবুৰীত গ্ৰেপ্তাৰ হ’ল দুই ভাতৃ ।

TWO ACCUSED OF MURDER CASE
গুৱাহাটীৰ এক হত্যাকাণ্ডৰ অভিযোগত ধুবুৰীত গ্ৰেপ্তাৰ হল দুই ভাতৃ

গুৱাহাটী, 22 ছেপ্টেম্বৰ : গুৱাহাটী লতাশিলত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ গোচৰৰ ভিত্তিত ধুবুৰীত আটক দুজন ব্যক্তিক । উল্লেখ্য যে, দুদিনমান পূৰ্বে গুৱাহাটী লতাশিল আৰক্ষী থানা এলেকাত নিজামুদ্দিন আলী নামৰ যুৱকজনক হত্যা কৰা হৈছিল । উক্ত হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী থানাত দাখিল হোৱা এখন এজাহাৰৰ ভিত্তিত ২৬৩/২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩২৫/৩০৭ ধাৰাৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল যদিও মূল অভিযুক্ত পলাতক হৈ আছিল । মূল অভিযুক্ত কেইজনে নিজৰ ম’বাইলৰ চুইচ বন্ধ কৰি আত্মগোপন কৰি আছিল ধুবুৰীৰ ধৰ্মশালা অঞ্চলত ।

তেনে এক গোপন তথ্য লাভ কৰাৰ পাচতেই ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ধুবুৰীৰ ধৰ্মশালা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জাহান উদ্দিনৰ সহযোগত মাজ নিশা ধৰ্মশালা অঞ্চলত অভিযান চলায়। অভিযানত হত্যাকাণ্ডৰ গোচৰৰ মূল অভিযুক্ত ৰূপম দাস আৰু ৰাজীৱ দাস নামৰ দুই ভাতৃক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ধৃত ৰূপম দাস আৰু ৰাজীৱ দাসৰ ঘৰ গুৱাহাটীৰ খাৰঘূলি অঞ্চলত ।

জানিব পৰা মতে, কেইদিনমান পূৰ্বে সংঘটিত হোৱা এক মাৰপিটৰ ঘটনাৰ ফলত গুৰুতৰ ভাবে আহত হৈ জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আছিল নিজামুদ্দিন। অৱশেষত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় নিজামুদ্দিন আলী । অৱশ্যে এই হত্যাকাণ্ডৰ লগত জড়িত নাই বুলি সমগ্ৰ অভিযোগ খণ্ডন কৰে ৰূপম দাসে । উল্লেখ্য যে, ৰাজীৱ দাস আৰু ৰূপম দাস গ্ৰেপ্তাৰ হৈছে যদিওঁ এতিয়াওঁ পলাতক অৱস্থাত আছে মনি দাস নামৰ মূল অভিযুক্তজন ।

লগতে পঢ়ক : অসমত ৰোধ হৈছে গঁড়ৰ চোৰাং চিকাৰঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.