পূৱ বিলাসীপাৰা, ২১ ফেব্ৰুৱাৰী: অসমত বহিঃ ৰাজ্যৰ ব্ৰয়লাৰ মুৰ্গী প্ৰৱেশত নিষেধাজ্ঞা থকা সত্ত্বেও অসমলৈ ট্ৰাকে ট্ৰাকে ব্ৰয়লাৰ মুৰ্গী ৷ দেওবাৰে পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নাকা চেকিঙত খনকৈ ব্ৰয়লাৰ মুৰ্গী ভৰ্তি মহিন্দ্ৰা পিক আপ ভেন জব্দ কৰা লগতে ব্ৰয়লাৰ ভৰ্তি এখন ছয় চকীয়া মিনি ট্ৰাকও জব্দ কৰে ৷
আৰক্ষীৰ সুত্ৰই প্ৰকাশ তথ্য অনুসৰি, চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা ট্ৰাক কেইখনত আমদানি কৰিছিল ব্ৰয়লাৰ খিনি ৷ উক্ত ব্ৰয়লাখিনি স্থানীয় পশু পালন বিভাগক গতাই দিয়া হয় বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: বোকাখাত সমষ্টিত বিজেপি-অগপৰ বৃহৎ প্ৰত্যাহ্বান হ'ব জিতেন গগৈ