ধুবুৰী, 13 এপ্ৰিলঃ বিহুৰ প্ৰাকক্ষণত অহা দুঃখবৰে আতংকিত কৰি তুলিছে সমগ্ৰ ধুবুৰীবাসীক । COVID-19ত আক্ৰান্ত ধুবুৰীৰ তৃতীয় গৰাকী ব্যক্তি । শেহতীয়াকৈ ধুবুৰীত ধৰা পৰা COVID-19ত আক্ৰান্ত লোকগৰাকীৰ ট্ৰেভেল হিষ্ট্ৰী ইতিমধ্যে জিলা প্ৰশাসনে লাভ কৰিছে । COVID-19ত আক্ৰান্ত ধুবুৰীৰ ব্যক্তিগৰাকী গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ১৭ মাৰ্চত দিল্লীলৈ গৈছিল । ইতিমধ্যে জিলা প্ৰশাসনে ছীল কৰিছে, লোকগৰাকী থকা ধুবুৰীৰ ঝগৰাপাৰ অঞ্চল ।
উল্লেখ্য যে, ধুবুৰীৰ ৩৫ বছৰীয়া এই লোকজনে দিল্লীৰ গান্ধী নগৰৰ আৰ.কে ট্ৰেডাৰ্চৰ গেষ্ট হাউছত ১৭ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ থাকি, গান্ধী মাৰ্কেটত বজাৰ কৰিছিল । গেষ্ট হাউছত ব্যক্তি গৰাকীৰ সৈতে আছিল গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আন তিনিজনকৈ লোক । তাৰ পৰৱৰ্তী সময়ত ২১ মাৰ্চত বিমানযোগে পুনৰ গুৱাহাটীত উপস্থিত হৈ এখন বাছেৰে ধুবুৰীলৈ উভতি আহে লোকগৰাকী । গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতে তেওঁক চৈধ্য দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হয় । যোৱা ৭ এপ্ৰিলত ব্যক্তি গৰাকীয়ে শাৰীৰিক অসুস্থতা অনুভৱ কৰাত, ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে । তাৰ পিচতেই চিকিৎসকে লোকজনক চিকিৎসালয়ৰ আইচ'লেশ্যন ৱাৰ্ডত ৰাখি, যোৱা ৯ মাৰ্চত COVID-19 পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি, বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । তেওঁৰ তেজৰ নমুনাত COVID-19 পজিটিভ পোৱা বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, লোকজনৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ সৈতে সম্বন্ধ আছে বুলি উল্লেখ কৰা হৈছে যদিও, জিলা প্ৰশাসনৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি ব্যক্তি গৰাকী ব্যৱসায়িক সূত্ৰেহে দিল্লীলৈ গৈছিল । বৰ্তমান ব্যক্তিগৰাকীৰ পত্নী আৰু পুত্ৰকো কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে ।
লগতে পঢ়কঃ 9000 COVID-19 ৰ পজিটিভ কেচ ভাৰতত