ধুবুৰী, 17 জুলাই : সাংবাদিক ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি যোৱাৰ সময়তে শাস্তিমূলক বদলি কৰা হ'ল বিতৰ্কিত বন বিষয়া বিশ্বজিৎ ৰায়ৰ ৷ উল্লেখ্য যে, ৰায়ৰ পূৰ্বে শাস্তিমূলক বদলি কৰা হৈছে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজক ৷
অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি পৰিবেশন কৰাৰ বাবেই বিশ্বজিৎ ৰায়ৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকগৰাকীক ৷ সেয়েহে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ পিছত এইবাৰ শাস্তিমূলক বদলিকৰণ কৰা হয় বিতৰ্কিত বন বিষয়াগৰাকীক ।
বিতৰ্কিত আৰু দূৰ্নীতিগ্ৰস্ত বন বিষয়া বিশ্বজিৎ ৰায়ৰ ঠাইত ডঃ পি ভি ত্ৰিম্বাকক নিযুক্তিৰ নিৰ্দেশ দিছে ৰাজ্যৰ বন বিভাগে । উল্লেখ্য যে, সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই সৰৱ হৈ পৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আনহাতে, ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ খবৰ পাই শোকতে প্ৰাণ হেৰুৱাইছিল তেওঁৰ ৰোগীয়া পিতৃয়ে ৷
লগতে পঢ়ক : ৰাজ্যৰ প্ৰলয়ংকৰী বানৰ শেহতীয়া তথ্য