ধুবুৰী,16 ছেপ্তেম্বৰ: ধুবুৰীৰ এটা বয়েজ ক্লাৱত উদ্ধাৰ হৈছে বিক্ৰীৰ বাবে অনা এটা প্ৰকাণ্ড কাছ ৷ ক্লাৱটোৰ একাংশ সদস্যৰ সহযোগত এটা দুষ্টচক্ৰই চোৰাংভাৱে বিক্ৰীৰ বাবে আনিছিল কাছটো ৷ ঘটনাৰ খবৰ লাভ কৰি ক্লাৱটোত উপস্থিত হয় বন বিভাগৰ লগতে স্থানীয় আৰক্ষীৰ এটা দল ৷ দলটোৱে চক্ৰটোৰ পৰা কাছটোৰ লগতে কটা মাংস উদ্ধাৰ কৰি ছীল কৰে ক্লাৱটো ৷ পাঁচজনীয়া দুষ্ট চক্ৰটোৱে কাছটো কাটি ভগাই থকাৰ সময়তে আৰক্ষীয়ে ক্লাৱটোত উপস্থিত হয় ৷ সম্প্ৰতি জব্দ কৃত কাছটোৰ ওজন প্ৰায় 15 কেজি ৷
ইফালে, আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি ক্লাৱটোৰ সদস্যসকলৰ উপৰিও দুষ্ট চক্ৰটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয়শংকৰ শৰ্মাই ক্লাৱটোত উপস্থিত হৈ উদ্ধাৰ কৰে মাংসৰ লগতে দা আৰু মাংস জোখা যন্ত্ৰ ৷ উল্লেখ্য যে,1944 চনতে স্থাপন হোৱা ক্লাৱটো একপ্ৰকাৰ অসামাজিক কাৰ্য-কলাপৰ ঘাটিলৈ পৰিণত হৈছে ৷ তদুপৰি পূৰ্বেও এনে বহু ঘটনা সংঘটিত হোৱাৰ ফলত প্ৰশাসনে ছীল কৰিছিল ক্লাৱটো ৷ বুধবাৰে পুনৰ ক্লাৱৰ মজিয়াত কাছ মাংস কাটি বিক্ৰী কৰাৰ বাবে প্ৰশাসনে ছীল কৰে ক্লাৱটো ৷ ঘটনাটোত জড়িত ক্লাৱৰ সদস্যসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে জিলাখনৰ সচেতন মহলৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে ৷
লগতে চাওকঃ ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ এখন ব্যক্তিগত ক্লিনিক