ETV Bharat / state

ধুবুৰীত বাঘৰ আতংক - ই টি ভি ভাৰত

স্থানীয় ৰাইজে বাঘ বুলি দাবী জনালেও অন্য বনৰীয়া জন্তু বুলিহে মন্তব্য কৰিছে বন বিভাগে ৷ বন বিভাগে পোৱালিটো নিজৰ জিম্মাত লৈ গুৱাহাটী লৈ প্ৰেৰণ কৰাৰ পাচতহে প্ৰকৃত পৰিচয় প্ৰকাশ পাব বুলি মন্তব্য কৰে ৷

ধুবুৰীত বাঘৰ আতংক
author img

By

Published : May 2, 2019, 3:19 PM IST

ধুবুৰী, 02 মে' : ধুবুৰীৰ গৌৰীপুৰৰ দক্ষিণ গেৰামাৰীত বাঘ জাতীয় পোৱালি উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে আতংকৰ । আনহাতে অন্য বনৰীয়া জন্তু বুলিহে মন্তব্য কৰিছে বন বিভাগে ৷

ধুবুৰীত বাঘৰ আতংক

লগতে পঢ়ক : ফেনীৰ প্ৰভাৱ : উত্তৰ পূব সীমান্ত ৰে'লে বাতিল কৰিলে দুখনকৈ ৰে'ল

গাঁওবাসীয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে দিনৰ ভাগত স্থানীয় ৰাইজে ধাননি পথাৰৰ আলিৰ মাজত এটা বাঘ বহি থকা প্ৰত্যক্ষ কৰে । তাৰ পাচৰে পৰা আতংকত ভুগিছে গাঁওবাসীয়ে ৷ বাঘটো পলায় যায় যদিও সেই স্থানৰে পৰা এজন যুৱকে উদ্ধাৰ কৰে পোৱালিটো ৷ খবৰ লাভ কৰি গৌৰীপুৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পোৱালিটো প্ৰকৃততে বাঘৰ পোৱালি নহয় বুলি উল্লেখ কৰি অন্য বনৰীয়া জন্তু বুলি দাবী কৰে। বন বিভাগে পোৱালিটো নিজৰ জিম্মাত লৈ গুৱাহাটী লৈ প্ৰেৰণ কৰাৰ পাচতহে প্ৰকৃত পৰিচয় প্ৰকাশ পাব বুলি মন্তব্য কৰে ৷

Intro: বনাঞ্চল এৰি জনাঞ্চললৈ হাতী বাঘ উলাই অহাটো নতুন কথা নহয়। যদিওঁ ধুবুৰীৰ গৌৰীপুৰৰ অতি ভিতৰুৱা গাওঁত বাঘৰ পোৱালি উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Body: হয়, এইবাৰ ধুবুৰীত বাঘৰ আতংক। ধুবুৰীৰ গৌৰীপুৰৰ অতি ভিতৰুৱা গাওঁত উদ্ধাৰ হৈছে বাঘৰ পোৱালি। দক্ষিণ গেৰামাৰী চতুৰ্থ খণ্ড গাওঁত বাঘ জাতীয় পোৱালি উদ্ধাৰ হোৱাকলৈ তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। দৰাচলতে আজি দিনৰ ভাগত স্থানীয় ৰাইজে ধাননি পথাৰৰ আলিৰ মাজত এটা বাঘ বহি থকা প্ৰত্যক্ষ কৰে। তাৰ পিছতেই গাঁও খনত আতংকৰ সৃষ্টি হয়। এনেতে এজন যুৱকে আগুৱাই গৈ উক্ত স্থানৰ পৰা এই পোৱালিটো উদ্ধাৰ কৰে। যদিওঁ বাঘটো পলাই যায় বুলি উল্লেখ কৰে স্থানীয় ৰাইজে।
ইপিনে খবৰ পাই গৌৰীপুৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এইটো প্ৰকৃততে বাঘৰ পোৱালি নহয় বুলি উল্লেখ কৰি ৱাইল্ড জাতীয় জন্তু বুলি দাবী কৰে। লগতে কয়ঃ পোৱালীটো নিজৰ জিম্মাত লৈ গুৱাহাটী লৈ প্ৰেৰণ কৰাৰ পিছতহে প্ৰকৃত পৰিচয় ওলাব এই পোৱালীটোৰ।

Conclusion: এতিয়া যিয়েই নহওঁক কিয় বাঘৰ আতংকত ধাননি পথাৰ এৰিছে ইয়াৰ কৃষক সকলে। সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.