ধুবুৰী, 18 জানুৱাৰী : প্ৰেমজনিত কাৰণক লৈ বুধবাৰে ধুবুৰীৰ আদাবাৰী অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Tense situation at Dhubri) । ৰাইজে আবদ্ধ কৰি ৰখা এহাল প্ৰেমিক-প্ৰেমিকাক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত একাংশৰ আক্ৰমণৰ ফলত দুজনকৈ আৰক্ষী আহত হোৱাৰ বিপৰীতে আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
স্থানীয় এহাল প্ৰেমিক-প্ৰেমিকাই আদাবাৰীৰ এজন লোকৰ ঘৰত অবৈধ সম্পর্কত লিপ্ত থকাৰ অভিযোগত স্থানীয় একাংশ ৰাইজে প্ৰেমিক-প্ৰেমিকাহালক আটক কৰি মাৰপিট কৰে । ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীৰ এটা দল । আৰক্ষীয়ে প্ৰেমিক-প্ৰেমিকাহালক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে, যদিও তেনে সময়তে হঠাৎ আৰক্ষীৰ ওপৰত জপিয়াই পৰে একাংশ উদণ্ড লোক ।
হাতে হাতে চোকা অস্ত্ৰ আৰু শিলগুটি লৈ আক্ৰমণ কৰাৰ ফলত আহত হয় মহিলা আৰক্ষীসহ দুজন আৰক্ষী (Attack on Police at Dhubri)। কেৱল ইমানতেই ক্ষান্ত নাথাকি একাংশ উত্তেজিত লোকে ভাঙি চুৰমাৰ কৰে আৰক্ষীৰ এখন বাহন । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ ফলত ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত প্ৰায় শতাধিক আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত লোকসকলক ছত্ৰভংগ দিয়াবলৈ সক্ষম হয় ।
ইপিনে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা আইন ভংগকাৰীসকলৰ বিৰুদ্ধে অঞ্চলজুৰি তীব্ৰ অভিযান চলায় আৰক্ষী চি আৰ পি এফৰ দলে ৷ অভিযানত এই ঘটনাৰ লগত জড়িত সাতজন ব্যক্তিক খেদি খেদি আটক কৰে ধুবুৰী আৰক্ষীয়ে । ধৃত লোক কেইজনক বৰ্তমান জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । ইপিনে এনে ঘটনাৰ পিছতেই অঞ্চলটোত আৰক্ষী চি আৰ পি এফে টহল দি আছে যদিও বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰি আছে অঞ্চলটোত ।
আনহাতে, আৰক্ষীয়ে অন্যায়ভাৱে একাংশ লোকৰ ঘৰত সোমাই অভিযানৰ নামত বিভিন্ন আচবাব লণ্ড-ভণ্ড কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: Karbi peace accord: শান্তি চুক্তিৰ দফা ২'৩ বাতিলৰ দাবীত ডিফুত প্ৰতিবাদ