ETV Bharat / state

বিদ্যুৎ মাছুল আদায় নোলোৱাক লৈ উত্তাল বিলাসীপাৰা - বিলাসীপাৰাত বিদ্যুৎ মাছুলৰ সমস্য়া

মঙলবাৰে বিলাসীপাৰাত বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়(Power Sub-Division)ত উত্তপ্ত পৰিস্থিতি ৷ নিশা 9 বজালৈকে থকাৰ পাচতো বিদ্যুৎ মাছুল আদায় নল’লে কাৰ্যালয়ে ৷ গ্ৰাহকৰ ক্ষোভ দেখি পলায়ন কৰে বিভাগীয় উপ সংমণ্ডল বিষয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কৰ্মচাৰীসকল ৷

heated situation for electricity bill at bilasipara
বিলাসীপাৰাত বিদ্যুৎ মাছুলক লৈ হাহাকাৰ
author img

By

Published : Aug 17, 2021, 1:09 PM IST

পশ্চিম বিলাসীপাৰা,17 আগষ্ট : বিলাসীপাৰাত মঙলবাৰে বিদ্যুৎ মাছুলক লৈ উত্তপ্ত পৰিস্থিতি ৷ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়(Power Sub-Division)ৰ বিষয়া-কৰ্মচাৰীৰ এক নিৰ্দেশৰ পাচতে হাহাকাৰ লাগিছে বিলাসীপাৰাবাসীৰ মাজত ৷ ৰাইজে জনোৱা মতে, সোমবাৰে নিশা 12 বজা পৰ্যন্তহে কাৰ্যালয়ে গ্ৰাহকৰ পৰা বিদ্যুৎ বিল আদায় ল’ব ৷ অন্যথা বিভাগে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিব ৷

ৰাইজৰ আন এক অভিযোগ অনুসৰি, BPL গ্ৰাহকসকলক 5 হাজাৰ টকা ৰেহাই দিয়া হ’ব বুলি ঘোষণা কৰিছিল বিদ্যুৎ বিভাগৰ উপ সংমণ্ডল বিষয়া প্ৰাঞ্জু শইকীয়াই । অৰ্থাৎ এজন গ্ৰাহকে 10 হাজাৰ টকা বিলৰ 5 হাজাৰ টকা পৰিশোধ কৰিলেই বাকী বিদ্যুৎ মাছুল ৰেহাই পাব ।

বিলাসীপাৰাত বিদ্যুৎ মাছুলক লৈ হাহাকাৰ

লগতে পঢ়ক : বিমল বৰাৰ গৃহ সমষ্টিত শক্তি খণ্ডৰ চমক

সেই অনুসৰি, সোমবাৰে পুৱাৰ ভাগৰে পৰা সহস্ৰাধিক গ্ৰাহক কাৰ্যালয়ত উপস্থিত শাৰি-পাতি থকাৰ পাচতো নিশা 9 বজা পৰ্যন্ত গ্ৰাহকসকলে বিল আদায় দিব নোৱাৰিলে ৷ ইয়াৰ পাচতে গ্ৰাহকসকলৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

পৰিস্থিতি বিষম হোৱা দেখি বিভাগীয় উপ সংমণ্ডল বিষয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কৰ্মচাৰীসকলে কাৰ্যালয় এৰি পলায়ন কৰে ৷ ইয়াৰ পাচত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীৰ দলে ৷

উল্লেখ্য যে, ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰা (Bimal Bora)ৰ নেতৃত্বত পাওনা বিদ্যুৎ বিল (Electricity Bill) লাভৰ বাবে বিদ্যুৎ বিভাগ (Electricity Department)য়ে প্ৰদৰ্শন কৰিছে ব্যাপক তৎপৰতা । ইতিমধ্যে সমগ্ৰ ৰাজ্যত সময় অনুসৰি বিদ্যুৎ বিল প্ৰদান নকৰা সকলৰ বিদ্যুৎ কৰ্তনৰ ব্যাপক অভিযান আৰম্ভ কৰিছে বিভাগে ।

ইতিমধ্যে লাখ লাখ লোকৰ ঘৰৰ বিদ্যুৎ যোগান কৰ্তন কৰিছে বিভাগটোৱে । চৰকাৰী কৰ্মচাৰীক দৰমহাৰ বাবে মাহেকীয়া বিদ্যুৎ পৰিশোধৰ বিল গাঁঠি দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছে । ইয়াৰ বিপৰীতে নাই নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা । বিদ্যুতৰ লুকা-ভাকুৱে এতিয়া অতিষ্ঠ কৰিছে ৰাজ্যৰ সাধাৰণ জনতাক ৷

লগতে পঢ়ক : বিধায়কৰ নেতৃত্বত জল সম্পদৰ বিভাগৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.