ETV Bharat / state

ধুবুৰীৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ অপকৰ্ম - এগৰাকী ৰান্ধনিৰ সৈতে অপকৰ্ম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ়াৰ দায়িত্ব পালনৰ বিপৰীতে শিক্ষকৰ লজ্জাজনক কাণ্ড । ধুবুৰীৰ গোলকগঞ্জ শিক্ষাখণ্ডৰ এখন বিদ্যায়লত সংঘটিত হ'ল শিক্ষক সমাজক লজ্জানত কৰা এই ঘটনা । বিদ্যালয়তে ৰান্ধনিৰ সৈতে অপকৰ্মত লিপ্ত হ'ল প্ৰধান শিক্ষক । শীঘ্ৰেই লম্পট শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ।

ধুবুৰীৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ অপকৰ্ম

author img

By

Published : Feb 25, 2021, 4:32 PM IST

ধুবুৰী, ২৫ ফেব্ৰুৱাৰী: ধুবুৰীৰ গোলকগঞ্জ শিক্ষাখণ্ডৰ অধীনৰ বালাময়ী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কু-কৰ্মই লজ্জানত কৰিছে শিক্ষকসকলক । বিদ্যালয়ৰ কোঠাত প্ৰধান শিক্ষকগৰাকী ৰান্ধনিৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় লোক তথা অভিভাৱকসকলে অভিযোগ উত্থাপন কৰা মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক আশ্ৰাফুল হকে বিদ্যাৰ মন্দিৰত এগৰাকী ৰান্ধনিৰ সৈতে অপকৰ্ম কৰিছিল আৰু শিক্ষাৰ্থীৰ মোবাইলৰ কেমেৰাত আপত্তিজনক অৱস্থাৰ কিছু দৃশ্যাংশ বন্দী হৈছিল ।

ধুবুৰীৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ অপকৰ্ম

ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে বিদ্যালয়খনত হুলস্থুলীয় পৰিৱেশৰ সৃষ্টি হয় । বৃহস্পতিবাৰে বিদ্যালয় চৌহদত অভিভাৱকসকল উপস্থিত হৈ লম্পট প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । আনহাতে বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ৰাইজৰ অভিযোগৰ ভিত্তিত বিদ্যালয় পৰিচালনা সমিতিয়ে তদন্ত আৰম্ভ কৰাৰ বিপৰীতে বিভাগীয় কৰ্তৃপক্ষক ঘটনাৰ বিষয়ে অৱগত কৰিব বুলি জনাইছে ।

বিভাগৰ নিৰ্দেশমৰ্মে শীঘ্ৰেই আশ্ৰাফুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ইফালে, আপত্তিজনক ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে বিদ্যালয় এৰি আত্মগোপন কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়মঃ উচ্চ স্তৰীয় তদন্ত কমিটি গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.