ETV Bharat / state

বন বিভাগৰ পৃষ্ঠপোষকতাত ধুবুৰীত বন ধ্বংস অব্যাহত !

author img

By

Published : Nov 19, 2020, 7:38 AM IST

বনজ সম্পদ ৰক্ষাৰ নামত ধুবুৰীত বন বিভাগৰ একাংশ বিষয়াই নিৰ্বিঘ্নে চলাই গৈছে বন ধ্বংসৰ অভিযান ৷ চৰকাৰে হেৰুৱাইছে বছৰি কোটি কোটি টকাৰ ৰাজহ ৷ এই ক্ষেত্ৰত ইন্ধন যোগাইছে ধুবুৰীৰ একাংশ বিষয়াই। কিন্তু কেনেকৈ ?

syndicate-at-dhuburi-forest-department
ধুবুৰীৰ বন বিভাগত বৃহৎ ছিণ্ডিকেট

ধুবুৰী, 19 নৱেম্বৰ: ছিণ্ডিকেটৰ ধাৰাবাহিক বাতৰিৰ পিছতেই সলনি হল ধুবুৰী জিলা বন সংমণ্ডল বিষয়া ৷ তেওঁৰ পৰিৱৰ্তে নিয়োগ হল নতুন বন বিষয়া ৷ কিন্তু সলনি নহল ছিণ্ডিকেটৰ লগত জড়িত সকলৰ চৰিত্ৰ ৷ কাৰণ এতিয়াও ধুবুৰী জিলা বন বিভাগত চলিছে অবাধ দুৰ্নীতি আৰু লুণ্ঠনৰাজ ৷ অভিযোগ অনুসৰি ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত অবাধে চলিছে পাহাৰ খনন কাৰ্য ৷ পাহাৰৰ ৰঙামাটিৰ যেন ব্যৱসায় চলাইছে ধুবুৰী বন বিভাগে ৷ পাহাৰৰ মূল্যবান গছ কাটি তহিলং কৰি ছিণ্ডিকেট চক্ৰৰ সৈতে মিলি চলাই গৈছে বন ধ্বংসৰ অভিযান ৷ বিনিময়ত বন বিভাগৰ একাংশ বিষয়াই লাখ লাখ টকা লুটি পুতি খোৱাৰ অভিযোগ সচেতন ৰাইজৰ ৷

বন বিভাগৰ পৃষ্ঠপোষকতাত ধুবুৰীত বন ধ্বংস অব্যাহত !

কেৱল এয়াই নহয়, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে বৈধ অবৈধ বহু ইটাৰ ভাটা ৷ তথ্য অনুসৰি ধুবুৰী জিলাখনত এতিয়ালৈকে ১১১ টা ইটাৰ ভাটা গঢ় লৈ উঠিছে যদিও ইয়াৰে মাত্ৰ ৩৪ টা ইটা ভাটাহে বৈধ ভাবে চলিছে ৷ এই সন্দৰ্ভত জিলা বন বিভাগক লিখিত অভিযোগ দাখিল কৰাৰ পিছতো বন বিভাগে ৰহস্যজনক মৌনতা অৱলম্বন কৰাৰ অভিযোগ সচেতন মহলৰ ৷

Ranger Harish chandra Nath
ৰেঞ্জাৰ হৰিশ চন্দ্ৰ নাথ

অভিযোগকাৰীৰ মতে, প্ৰতি বছৰে চৰকাৰে প্ৰায় পোন্ধৰ কোটি টকাৰ ৰাজহ লাভ কৰিব লাগে যদিও চৰকাৰক মাত্ৰ পয়ত্ৰিশ লাখ টকা ৰাজহ আদায় দি বাকী কোটি কোটি টকা আত্মসাৎ কৰি গৈছে ধুবুৰী বন বিভাগে ৷ এই বৃহৎ ছিণ্ডিকেটৰ মূল নায়ক ধুবুৰী আৰু শালকোচা আঞ্চলিক বন সংমণ্ডলৰ দায়িত্বত থকা বন সং পালক তথা ৰেঞ্জাৰ হৰিষ চন্দ্ৰ নাথ বুলি পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰিছে অঞ্চটোৰ সচেতন ৰাইজে ৷

DFO, Dhuburi
বিজয় টি পলভি, জিলা বন বিষয়া, ধুবুৰী

উল্লেখ্য যে, কিছুদিন পূৰ্বে ধুবুৰী বন বিভাগৰ বিৰুদ্ধে ধাৰাসাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই চৰকাৰে তদানীন্তন বন বিষয়া বিশ্বজিৎ ৰায়ক শাস্তিমূলক বদলি কৰে ৷ কিন্তু বিভাগীয় আশীৰ্বাদপুষ্ট ৰেঞ্জাৰ হৰিশ চন্দ্ৰ নাথৰ চকী লৰাব নোৱাৰিলে চৰকাৰে ৷ সেইয়াও বৰ্তমান সময়ত সাধাৰণ ৰাইজৰ বাবে আন এক ৰহস্য ৷ কাৰণ বৰ্তমানো জিলা বন বিষয়া বিজয় টি পলভি আৰু ৰেঞ্জাৰ হৰিষ চন্দ্ৰ নাথে মিলি জিলা খনত ইমূৰৰ পৰা সিমূৰলৈ গঢ়ি তুলিছে বন ধ্বংসৰ বৃহৎ ছিণ্ডিকেট । পাহাৰ ধ্বংসৰ পৰা আৰম্ভ কৰি শিল বালি আৰু ইটাৰ ভাটা লৈকে চলিছে কোটি কোটি টকাৰ ছিণ্ডিকেট ৷ এতিয়া প্ৰশ্ন হয় চৰকাৰে ধুবুৰী জিলা বন বিভাগৰ এই বৃহৎ ছিণ্ডিকেট বন্ধ কৰিবলৈ সক্ষম হবনে ?

লগতে পঢ়কঃ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকৰ গৃহত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.