ETV Bharat / state

Superstition in Dhubri : ধুবুৰীত অন্ধবিশ্বাসৰ কবলত এটা পৰিয়াল

author img

By

Published : Mar 16, 2023, 8:32 AM IST

Updated : Mar 16, 2023, 9:30 AM IST

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ উন্নত চিকিৎসা ব্যৱস্থাৰ সময়তো অন্ধবিশ্বাসৰ কবলত ধুবুৰীৰ একাংশ লোক (Superstition in Dhubri) । একাংশ ভণ্ড কবিৰাজে এতিয়াও সমাজত জীয়াই ৰাখিছে অন্ধবিশ্বাস । পিছে এতিয়া কবিৰাজৰ চিকিৎসা ব্যৱস্থাৰ কিছু উন্নত হ'ল । মনসা পূজাৰে চিকিৎসাৰ নামত DJ-ৰ তালে উদ্দাম, অশ্লীল নৃত্য ।

Dhubri
Dhubri
ধুবুৰীত ভণ্ড কবিৰাজৰ ভণ্ডামি

ধুবুৰী, ১৬ মাৰ্চ : প্ৰতিবেদনৰ লগত সংলগ্ন ভিডিঅ’ৰ দৃশ্যসমূহ এবাৰ মন কৰক । মঞ্চ সাজি DJ মিউজিকৰ (DJ music) তালে তালে একাংশই কৰিছে উদ্দাম, অশ্লীল নৃত্য । তিনিগৰাকীকৈ কিন্নৰক লগত লৈ ভণ্ড কবিৰাজৰ দল এটাই তিনিদিন ধৰি মনসা পূজা কৰি আহিছে ধুবুৰীৰ মতিৰচৰ অঞ্চলত (Hypocrite Kaviraj Manasa Puja at Dhubri char) । তাকো মুছলমান কবিৰাজে কৰি আহিছে এই মনসা পূজা । ধুবুৰী জিলাৰ সাপটগ্ৰাম অঞ্চলৰ সাহাদ আলী নামৰ কবিৰাজজনে এটা মুছলমান পৰিয়ালৰ লগত ৬০ হাজাৰ টকা চুক্তি কৰিছে এই মনসা পূজাৰ বাবে । পিছে কি কাৰণত কৰা হৈছে এই মনসা পূজা । প্ৰকৃততে পূজা নে অন্ধবিশ্বাস (superstition in dhubri) ।

ধুবুৰীৰ মতিৰচৰ অঞ্চলৰ ছাগলচৰা গাঁৱৰ ছেতাব আলীৰ পৰিয়ালৰ এগৰাকী কণমানি শিশু আৰু মহিলাসহ চাৰিজন ব্যক্তি জন্মৰ পিছত হঠাৎ হৈ পৰে অন্ধ । কেইবছৰমান পূৰ্বে ছেতাব আলীৰ এটা চকু নষ্ট হোৱাৰ পিছত তেওঁৰ কন্যা সাহিনা খাতুনৰ জন্মৰ প্ৰায় বাৰ বছৰ পিছতেই নষ্ট হয় এটা চকু (Prejudices and Superstitions at dhubri char) । একেদৰে বিগত প্ৰায় দহ বছৰৰ পৰা নষ্ট হৈ আছে ছেতাব আলীৰ পুত্ৰ আফজাল হকৰ এটা চকু ।

পৰিয়ালটোৰ ইজনৰ পিছত সিজন ব্যক্তিৰ এটা এটা চকু নষ্ট হোৱাৰ সময়তে কিছুদিন পূৰ্বে এগৰাকী এবছৰীয়া শিশুৰ দুয়োটা চকুৱে নষ্ট হয় । পৰিয়ালটোৰ ইজনৰ পৰা সিজন ব্যক্তি দৃষ্টিহীন হোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ উপৰি নেপালৰ চকু বিশেষজ্ঞৰ ওচৰলৈ গৈছে যদিও কোনো কাম হোৱা নাই । উপায়ন্তৰ হৈ মুছলমান পৰিয়ালটোৱে আশ্ৰয় লৈছে এতিয়া কবিৰাজৰ । সেইখিনিলৈকে ঠিকেই আছিল । কিন্তু কবিৰাজী চিকিৎসাৰ নামত এয়া চলিছে কি (family in grip of superstition in Dhubri) ।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আধুনিক চিকিৎসা ব্যৱস্থাৰ যুগতো কিছু কিছু সমাজত এতিয়াও প্ৰচলিত আছে অন্ধবিশ্বাসৰ ঘটনা । বৰ্তমান উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিক পৰীক্ষা চলি থকাৰ সময়তে উচ্চ শব্দ প্ৰাবল্যৰ DJ বজাই চিকিৎসাৰ নামত চলিছে কেৱল ভণ্ডামি । কবিৰাজৰ দাবী, পৰিয়ালটোত হেনো কোনো ভূতে লম্ভিছে । ভূতে এজনক খাইছে । তাৰ পিছত এজন এজনকৈ দৃষ্টিহীন হৈছে । কিন্তু আপুনি হয়তো ভাবিছে কি কৰিছে আৰক্ষী প্ৰশাসনে । অৱশ্যে এজন ৰঙা টুপী আৰু খাকী পোছাক পৰিহিত আৰক্ষীৰ নেতৃত্বত ধুবুৰীৰ কলেজ নগৰ আৰক্ষীৰ দল এটা নিশা উপস্থিত হয় ঘটনাস্থলীত । কিন্তু ভণ্ড কবিৰাজৰ ভণ্ডামি বন্ধ কৰিবলৈ নহয়, হাত চাপৰি লাভৰ বাবে আৰক্ষী উপস্থিত হৈছিল মনসা পূজাস্থলীত । কবিৰাজ আৰু দৰ্শকৰ হাত চাপৰি লৈ উভতে আৰক্ষী । এই ঘটনাই এতিয়া স্তম্ভিত কৰি তুলিছে ধুবুৰীৰ সচেতন মহলক ।

লগতে পঢ়ক :Royal Bengal tiger menace: বাঘৰ আতংকৰ বাবে শিলঘাটত 144 ধাৰা জাৰি

Last Updated : Mar 16, 2023, 9:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.