ETV Bharat / state

ধুবুৰীত জব্দ 8 খনকৈ শিল ভৰ্তি ডাম্পাৰ

author img

By

Published : May 20, 2021, 11:53 AM IST

ধুবুৰীৰ বন বিভাগে বুধবাৰে পুৱা ভূটানৰ পৰা অহা 8 খনকৈ শিল ভৰ্তি অভাৰ লোডিং ডাম্পাৰ জব্দ কৰে ৷ শিল ভৰ্তি ডাম্পাৰ কেইখন ধুবুৰীৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলাইছিল শিল মাফিয়াই ৷ কিন্তু বন বিভাগৰ দলে ডাম্পাৰকেইখন জব্দ কৰে ৷

8 stone filled over loading dumpers seized in Dhubri
ধুবুৰীত জব্দ 8খনকৈ শিল ভৰ্তি অভাৰ লোডিং ডাম্পাৰ

ধুবুৰী,20 মে': ৰাজ্যজুৰি সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে বুধবাৰে পুৱা ভূটানৰ পৰা অহা শিল ভৰ্তি 8 খনকৈ অভাৰ লোডিং ডাম্পাৰ সোমাল ধুবুৰীৰ জাহাজঘাটত ৷ শিল ভৰ্তি ডাম্পাৰ কেইখন ধুবুৰীৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলাইছিল শিল মাফিয়াই ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত বন বিভাগ তথা আৰক্ষীৰ ভূমিকা আছিল নীৰৱ ৷ কিন্তু স্থানীয় সাংবাদিকসকলে বিষয়টো আৰক্ষীক অৱগত কৰাত তৎপৰ হৈ পৰে ধুবুৰীৰ বন বিভাগৰ লগতে প্ৰশাসন ৷ এই অভিযোগ উত্থাপন কৰে সাংবাদিকসকলে ৷

ধুবুৰীত জব্দ 8 খনকৈ শিল ভৰ্তি ডাম্পাৰ

লগে লগে সাংবাদিকৰ এটা দলৰ সৈতে ধুবুৰীৰ জাহাজঘাটত উপস্থিত হয় বন বিভাগৰ দল ৷ ডাম্পাৰৰ চালকক শিলখিনি ক'ৰ পৰা আনিছে, ক'লৈকে নিব এই সন্দৰ্ভত কোনো উপযুক্ত নথি পত্ৰ নথকাত ডাম্পাৰকেইখন জব্দ কৰি জোখ-মাপ কৰাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰে বন বিভাগৰ দলটোৱে ৷

ইফালে, শিলৰ ছিণ্ডিকেট সন্দৰ্ভত স্থানীয় ৰাইজে আতোৱাৰ ৰহমান নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৷ ৰাইজৰ দাবী ভূটানৰ কোনো অজ্ঞাত মাফিয়াই মেনেজ কৰি আছে ধুবুৰী বন বিভাগক ৷

লগতে পঢ়ক: বটদ্ৰৱা আৰক্ষীৰ জালত অবৈধ কয়লাভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.