ধুবুৰী, 19 চেপ্টেম্বৰ : বিলাসীপাৰাত পোষণ মাহ কাৰ্যসূচীত দুৰ্নীতি ৷ বৃহস্পতি বাৰে বিলাসীপাৰা চহৰত অনুষ্ঠিত হয় পোষণ মাহ শীৰ্ষক এখন সভা ৷ সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক অশোক সিংঘী ৷ কিন্তু সভাত অংশ গ্ৰহণ কৰি হঠাৎ ক্ৰোধান্বিত হৈ পৰে বিধায়কগৰাকী ৷ সভাত গ্ৰামাঞ্চলৰ কোনো পুৰুষ মহিলাক দেখা নাপাই বিভাগটোক জগৰীয়া কৰে বিধায়ক সিংঘীয়ে ৷
সভাত অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ বাহিৰে গ্ৰামাঞ্চলৰ কোনো লোক উপস্থিত নথকাত সভা খন গুৰুত্বহীন বুলি ক্ষোভেৰে ব্যক্ত কৰে বিধায়কগৰাকীয়ে | ইয়াৰ লগতে চৰম দুৰ্নীতিত পোত যোৱা বিভাগটোৰ বিষয়া কৰ্মচাৰীক নিকা হ'বলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷ আনহাতে, দুৰ্নীতিৰ পাহাৰ গঢ়া সমাজ কল্যাণ বিভাগৰ ধুবুৰী জিলা বিষয়া কেশৰী বৰুৱাই তেখেতৰ নিজৰ বিভাগৰ তথ্য নিজে নাজানে বুলিও মন্তব্য কৰে অশোক সিংঘীয়ে ৷