ETV Bharat / state

ধুবুৰীৰ ছয়টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ SI পৰীক্ষা

author img

By

Published : Nov 22, 2020, 5:12 PM IST

ধুবুৰীৰ ছয়টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ SI পৰীক্ষা ৷পৰীক্ষাত অৱতীৰ্ণ হৈছে জিলাখনৰ 27শ ৰো অধিক পৰিক্ষাৰ্থী ৷

AS_DHB_01_SI_EXAM_IMG_7203850
ধুবুৰীৰ ছয়টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ SI পৰীক্ষা

ধুবুৰী,22 নৱেম্বৰঃ পূৰ্ব সংঘটিত কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ৰাজ্যত পুনৰ অনুষ্ঠিত কৰা হৈছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা ৷ ধুবুৰী জিলাটো ছয়টাকৈ পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত কৰা হৈছে পৰীক্ষা ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হৈছে জিলাখনৰ 27শ ৰো অধিক প্ৰাৰ্থী ৷ উল্লেখ্য যে, পূৰ্বে এই পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ প্ৰতি লক্ষ্য ৰাখিয়ে পৰীক্ষাকেন্দ্ৰসমূহত কঠোৰ কৰি তোলা হৈছে নিৰাপত্তা ৷ এইবেলি পৰীক্ষাৰ্থীসমূহক কেন্দ্ৰৰ ভিতৰত প্ৰয়োজনীয় নথি-পত্ৰৰ বাবে কোনো ধৰণৰ বয়বস্তু নিয়াৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই ৷

AS_DHB_01_SI_EXAM_IMG_7203850
ধুবুৰীত অসম আৰক্ষীৰ SI পৰীক্ষা

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 20 ছেপ্তেম্বৰত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল যদিও প্ৰশ্নকাকাত ফাদিল হোৱাৰ পিছতেই তৎক্ষণিকভাৱে বাতিল কৰা হৈছিল পৰীক্ষা ৷ লগে লগে এই কেলেংকাৰীৰে তোলপাৰ লগায় সমগ্ৰ ৰাজ্য ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অপৰাধ অনুসন্ধান শাখাক ইয়াৰ তদন্তৰ দায়িত্ব অৰ্পন কৰে ৷ কেলেংকাৰীত নাম সাঙোৰ খাই কাৰাগাৰলৈ যাবলগীয়া হয় কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ আৰু তেখেতৰ দুজনকৈ দেহৰক্ষী ৷ লগতে এই বিয়াগোম কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্তকো নেপালৰ পৰা গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে ৷ বৰ্তমানলৈকে এই কেলেংকাৰীৰে জড়িত 24 জনকৈ অভিযুক্তক কৰায়ত্ব কৰাৰ কথা সদৰি কৰে আৰক্ষী মহাপৰিদৰ্শক সুৰেন্দৰ কুমাৰে ৷

লগতে পঢ়ক-কৰিমগঞ্জত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত SI পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.