বিলাসীপাৰা,11 অক্টোবৰ : এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ধুবুৰীৰ বিলাসীপাৰাবাসীক ৷ বিলাসীপাৰা চহৰৰ দুই নং ৱাৰ্ডৰ বাতাপাৰাৰ পৰা বংশীপাৰা সংযোগী পথটো মেৰামতিৰ অভাৱত অনুপযোগী হৈ পৰিছে যাতায়াতৰ বাবে ৷ বোকা পানীৰে পৰিপূৰ্ণ হৈ কদৰ্যময় ৰূপ ধাৰণ কৰা পথছোৱাৰে বিগত পাঁচ বছৰে জীয়াতু ভুগি অহা যোৱা কৰাৰ এক অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷
ৰাইজে বিষয় সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ বিৰুদ্ধে ৷ বিগত সময়ত অঞ্চলবাসীয়ে বহুবাৰ এইক্ষেত্ৰত আবেদন কৰিও লাভ নকৰিলে কোনো সুফল ৷ উপায়ন্তৰ অঞ্চলবাসীয়ে অৱশেষত গাঁঠিৰ ধন ভাঙি শনিবাৰে পথছোৱা মেৰামতি কৰি যাতায়াতৰ বাবে সূচল কৰি তোলে ৷