ETV Bharat / state

Road accident in Dhubri: ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰি আহত

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 7:42 PM IST

ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত চাৰিগৰাকীকৈ মহিলা যাত্ৰী গুৰুতৰভাৱে আহত হয় ।

dhuburi road accident
পথ দুৰ্ঘটনা

পথ দুৰ্ঘটনা

ধুবুৰী, 26 আগষ্ট : শনিবাৰে ধুবুৰীৰ গৌৰীপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । বলেৰ’ পিকআপ ভান এখনে মহতিয়াই নিয়ে যাত্ৰীবাহী এখন ই-ৰিক্সাক ৷ ফলত চাৰিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ তেওঁলোকৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে ৷

গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ আলমগঞ্জ বজাৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জানিব পৰা মতে, গৌৰীপুৰৰ চুপাৰীঘাটৰ পৰা আলমগঞ্জ বজাৰ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ই-ৰিক্সাক পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে WB-63 B 4611 নন্বৰৰ বলেৰ’ পিকআপ বাহন এখনে ৷ ফলত ই-ৰিক্সাখন বিদ্যুতৰ খুঁটাত লাগি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে দূৰলৈ ছিটিকি পৰে যাত্ৰীসকল । ফলত তিনিগৰাকী জনজাতীয় মহিলা আৰু এজন পুৰুষ গুৰুতৰভাৱে আহত হয় ৷

পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তপ্ত হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে । আহতসকলৰ ভিতৰত এগৰাকী মহিলাক গৌৰীপুৰৰ এখন ব্যাক্তিগত চিকিৎসালয় আৰু আন তিনিজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

উল্লেখ্য যে, আহতসকলক আৰক্ষীয়ে এতিয়ালৈকে চিনাক্তকৰণ কৰিব পৰা নাই । কাৰণ বিটিএডিৰ ভিতৰুৱা অঞ্চলৰ পৰা চুপাৰিঘাটলৈ আহি তাৰ পৰাই ই-ৰিক্সাখন লৈ আলমগঞ্জ বজাৰলৈ যাত্ৰা কৰিছিল জনজাতীয় যাত্ৰীকেইজনে ।

লক্ষ্যণীয় বিষয় যে, বেটাৰী চালিত ই-ৰিক্সাৰ যাত্ৰী সকলৰ বাবে তেনে কোনো জীৱন বীমাৰ সুবিধা নথকাৰ বাবে ধুবুৰী যানবাহন আৰক্ষীয়ে ই ৰিক্সাসমূহৰ ঘাইপথত চলাচলৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰিছে । কিন্তু গৌৰীপুৰৰ যানবাহন আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত তেনে জীৱন বীমা নথকা বাহন চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰা বিষয়টো সম্প্ৰতি চৰ্চালৈ আহিছে ।

লগতে পঢ়ক : Road Mishap: 39 নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বলেৰ’ বাহনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.