ETV Bharat / state

ধুবুৰীত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাঁচ গৰাকী

চিকিৎসকৰ অভাৱ ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত

ROAD ACCIDENT
author img

By

Published : Mar 12, 2019, 10:56 PM IST

ধুবুৰী,12 মাৰ্চ : ধুবুৰীত বিলাসীপাৰাত পথ দুৰ্ঘটনাৰ ফলত আহত মহিলা সহ পাঁচ গৰাকী। গুৰুতৰভাৱে আহত ৰোগীক চিকিৎসাৰ বাবে চিকিৎসকৰ অভাৱ ধুবুৰী অসামৰিক চিকিৎসালয়ত ।

ROAD ACCIDENT

ঘটনা অনুসৰি ধুবুৰী জিলাৰ বিলাসিপাৰা মহকুমাৰ নয়াহাট 31 নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাত পতিত হ'ল ট্ৰাক, ট্ৰেক্টৰ আৰু এখন মহেন্দ্ৰ বলে'ৰ বাহন। দুঘটনাটোত গুৰুতৰভভাৱে আহত হয় মহেন্দ্ৰ বলে'ৰ খনৰ চালক আৰু মহিলা সহ পাঁচগৰাকী যাত্ৰী । জানিব পৰা মতে, এ এছ- 01 -ডি এছ 8543 নম্বৰৰ মহেন্দ্ৰ বলে'ৰ খন ধুবুৰী অভিমুখী মহেন্দ্ৰ বলেৰ'খনৰ এখন ট্ৰেক্টৰৰ সৈতে প্ৰথমতে সংঘৰ্ষ হয়। ইয়াৰ পাচতে বিপৰীত দিশৰ পৰা গৈ থকা এন এল 02 -এন-3700 নম্বৰৰ মালবাহি ট্ৰাক এখনৰ সৈতে সংঘৰ্ষ হয় মহেন্দ্ৰ বলে'ৰ খনৰ। ফলত ভাঙি চুৰমাৰ হৈ পৰা বলে'ৰ খনত থকা শিবাণী দাস , লক্ষ্মী ঘোষ , পমী দাস , ঝাৰনা বশ আৰু গেদা আলী নামৰ চালকজন গুৰুতৰ ভাবে আহত হয় ।
ৰাইজআৰু আৰক্ষীয়ে ততাতৈয়াকৈ আটাইকেজন প্ৰথমতে বগৰিবাৰী আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত আটাইকেইজনক উন্নত চিকিৎসাৰ বাবে পুনৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। একেলগে পাঁচজনকৈ জৰুৰীকালীন অৱস্থাৰ ৰোগী চিকিৎসালয়খনত ভৰ্তি হয় যদিওঁ বহু সময়লৈকে নাহিল চিকিৎসক। অৱশেষত এজন চিকিৎসক আহিল যদিও পৰিয়ালবৰ্গই উন্নত চিকিৎসাৰ বাবে অসম এৰি কোচবিহাৰ লৈ নিবলৈ বাধ্য হয় । উল্লেখযোগ্য যে , সুদীৰ্ঘ দিনৰ পৰা ধুবুৰী অসামৰিক চিকিৎসালয়ত বহু কেইগৰাকী চিকিৎসক আৰু নাৰ্চৰ পথ খালি হৈ আছে যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে । যাৰ ফলত কেৱল কাগজ কলমত চলি থকা ধুবুৰী অসামৰিক চিকিৎসালয়ত একপ্ৰকাৰ মৃত্যু ঘণ্টা বাজিছে।

Intro: ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ধুবুৰীৰ বিলাসিপাৰাৰ নয়াহাট ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত সংগঠিত হোৱা এক পথ দুৰ্ঘটনাৰ ফলত আহত মহিলা সহ পাঁচ গৰাকী। ইপিনে এই ঘটনাই পোহৰলৈ আনিলে চৰকাৰী চিকিৎসালয়ৰ ভয়াৱহ বাস্তৱ ছবি।

Body: ধুবুৰী জিলাৰ বিলাসিপাৰা মহকুমাৰ নয়াহাট ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত সংগঠিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। ট্ৰাক, ট্ৰেক্টৰ আৰু এখন মহেন্দ্ৰ বলে'ৰ বাহন। এই ভয়ংকৰ দুঘটনাৰ ফলত মহেন্দ্ৰ বলে'ৰ খনৰ চালক আৰু মহিলা সহ পাঁচজন যাত্ৰী গুৰুতৰ ভাবে আহত হয়। জানিব পৰা মতে, এ এছ- ০১ -ডি এছ ৮৫৪৩ নম্বৰৰ মহেন্দ্ৰ বলে'ৰ খন গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বাঘেশ্বৰীৰ পৰা ধুবুৰী অভিমুখে যাত্ৰা কৰে। যদিওঁ নয়াহাট অঞ্চলত ৰেল পথ নিৰ্মাণৰ কামত অবৈধ ভাবে নিয়োজিত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনস্থ এখন ট্ৰেক্টৰৰ সৈতে প্ৰথমতে সংঘৰ্ষ হয়। পিছত লগে লগে বিপৰীত দিশৰ পৰা গৈ থকা এন এল ০২-এন- ৩৭০০ নম্বৰৰ মালবাহি ট্ৰাক এখনৰ সৈতে সংঘৰ্ষ হয় মহেন্দ্ৰ বলে'ৰ খনৰ। ফলত ভাঙি চুৰমাৰ হৈ পৰা বলে'ৰ খনত থকা শিবাণী দাস (৪৫), লক্ষ্মী ঘোষ (৪৮), পমী দাস (১৫), ঝাৰনা বশ (৫০) আৰু গেদা আলী (৪৫) নামৰ চালক আৰু মহিলা সহ পাঁচজন লোক গুৰুতৰ ভাবে আহত হয়।
Byte:- আৰক্ষী আৰু ৰাইজ

পিছত আৰক্ষীয়ে ততাতৈয়াকৈ আটাইকেজন প্ৰথমতে বগৰিবাৰী আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় যদিওঁ পৰৱৰ্তী সময়ত আটাইকেইজনক উন্নত চিকিৎসাৰ বাবে পুণৰ প্ৰায় পয়ত্ৰিশ কিলোমিটাৰ দূৰত্বত থকা ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু ধুবুৰী অসামৰিক চিকিৎসালয় খনো এখন চৰকাৰী চিকিৎসালয়। যাৰ বাবে একেই অৱস্থা। বাহিৰে ৰং চং থাকিলেও ভিতৰত একো নাই ধুবুৰী অসামৰিক চিকিৎসালয়ত। কাৰণ একেলগে পাঁচজনকৈ জৰুৰীকালীন অৱস্থাৰ ৰোগী চিকিৎসালয়খনত ভৰ্তি হয় যদিওঁ বহু সময় লৈকে নাই চিকিৎসক। হাহাকাৰৰ সৃষ্টি হল ৰাইজৰ মাজত। অৱশেষত এজন চিকিৎসক আহিল যদিওঁ ৰোগীৰ আত্মীয়ই ভৰসা নাপাই উন্নত চিকিৎসাৰ বাবে অসম এৰি কোচবিহাৰ লৈ নিবলৈ বাধ্য হয়। কাৰণ ধুবুৰী অসামৰিক চিকিৎসালয় নামৰ দুশ খন বিচনাযুক্ত চৰকাৰী চিকিৎসালয়ত এই সকলৰ নহল কোনো চিকিৎসা। ৰোগীৰ আত্মীয়ই কি কলে শুনক
Byte:- ৰোগীৰ আত্মীয়

উল্লেখযোগ্য যে, সুদীৰ্ঘ দিনৰ পৰা এইখন ধুবুৰী অসামৰিক চিকিৎসালয়ত বহু কেইগৰাকী চিকিৎসক আৰু নাৰ্চৰ পথ খালি হৈ আছে যদিওঁ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ ফলত কেৱল কাগজ কলমত চলি থকা ধুবুৰী অসামৰিক চিকিৎসালয়ত একপ্ৰকাৰ মৃত্যু ঘণ্টা বাজিছে।

Conclusion: হয়, এয়াই হৈছে অসমৰ বিত্ত, স্বাস্থ্য আৰু গড়কপ্তানী মন্ত্ৰী তথা সোণোৱাল চৰকাৰৰ দুই নম্বৰ মন্ত্ৰীৰ স্বাস্থ্য খণ্ডৰ ভয়াৱহ বাস্তৱ ছবি। এতিয়াও দম্ভালি মাৰি সভা সমিতিত ডিঙিৰ শিৰ ফুলাই মন্ত্ৰী হিমন্তই কব নে স্বাস্থ্য বিভাগৰ বহু উন্নয়ন হৈছে বুলি।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.