পশ্চিম বিলাসীপাৰা,16 ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে তীব্ৰবেগী বাহনৰ দৌৰাত্ম্য ৷ মঙলবাৰে বিলাসীপাৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেতবাৰীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুলীয়া ছাত্ৰ । নিহত ছাত্ৰজন দুধনাথ হিলগাঁৱৰ 14 বছৰীয়া মুক্তাৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী অভিমুখে আহি থকা NL 01 Q 6018 নম্বৰ এখন মালবাহী ট্ৰাকে প্ৰচণ্ড জোৰেৰে খুন্দিয়াই থৈ যায় চাইকেল আৰোহী নিহত ছাত্ৰজন ৷ এই ঘটনাক কেন্দ্ৰ কৰি 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণামুখীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ যাৰ ফলত দীৰ্ঘসময় ধৰি বন্ধ হৈ পৰে পথচোৱা ৷ ইতিমধ্যে ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও মাৰ যোৱা নাই উত্তেজনা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃ 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি