পূৱ বিলাসীপাৰা, অক্টোবৰ: বনাঞ্চল পৰিণত হ'ল ডাষ্টবিনলৈ ৷ জৈৱ-বৈচিত্ৰ্যৰ সলনি বনাঞ্চলত পোৱা যায় প্লাষ্টিকৰ দম ৷ ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবেসিত এখন সংৰক্ষিত বনাঞ্চল ৷ ধুবুৰীৰ চাপৰ পৌৰসভাৰ নেতৃত্বতে ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবেসিত আৰেয়াঝাৰ সংৰক্ষিত বনাঞ্চল ৷ বনাঞ্চল খনত প্লাষ্টিক জাতীয় সামগ্ৰী তথা আৱৰ্জনা পেলাই পৰিবেশ বিনষ্ট কৰিছে ধুবুৰীৰ চাপৰ পৌৰসভাই ৷ বন বিভাগৰ কঠোৰ নিষেধাজ্ঞা স্বত্বেও চাপৰ পৌৰসভাই ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰিত কৰিছে আৰেয়াঝাৰ সংৰক্ষিত বনাঞ্চলক । নৰেন্দ্ৰ মোদীৰ প্লাষ্টিক বৰ্জনৰ প্ৰতি সহাৰি জনাই বিগত কিছু দিন ধৰি বনাঞ্চল খনৰ ভিতৰত এনেদৰে আৱৰ্জনা পেলাই জীৱকুলৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাত তীব্ৰ প্ৰতিক্ৰিয়া চাপৰৰ সচেতন মহলত ৷ বন বিষয়া সকলৰ মতে, বনাঞ্চলখনৰ কোমলীয়া শাল গছৰ লগতে শামুকখোলা, বনৰৌ, শহাপহু,আদিৰ বাবে বিখ্যাত আৰেয়াঝাৰ সংৰক্ষিত বনাঞ্চলত এইসমূহ পেলনীয়া সামগ্ৰী পেলোৱাৰ ফলত জীৱকুলৰ জীৱনৰ প্ৰতিও ভাবুকি অহাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।
এই ডাম্পিং গ্ৰাউণ্ডৰ বিষাক্ত খাদ্য সেৱন কৰি বনাঞ্চল খনৰ দুষ্প্ৰাপ্য জীৱ-জন্তু সমুহ মৃত্যু মুখত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ কথা প্ৰকাশ কৰিছে বন বিভাগৰ বিষয়াই ৷ ক্ৰমান্বয়ে মাটিৰ উৰ্বৰা শক্তি কমি অহাৰ ফলত গছ-গছনি সমুহৰ বৃদ্ধি ক্ৰমাৎ হ্ৰাস পোৱাৰ কথাও প্ৰকাশ পাইছে ৷ ইপিনে, এই ঘটনা সংক্ৰান্তত বন বিভাগৰ লগতে প্ৰকৃতি প্ৰেমী ৰাইজে বাৰম্বাৰ চাপৰ পৌৰসভাক বাধা দিয়া সত্বেও এই দুষ্কাৰ্য বৰ্তমানলৈকে বন্ধ হোৱা নাই বুলি উত্থাপিত হৈছে অভিযোগ ৷ এই ক্ষেত্ৰত বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ নকৰিলে আৰেয়াঝাৰ সংৰক্ষিত বনাঞ্চল হয়তো এটা সময়ত ইতিহাস হোৱাৰ কথা প্ৰকাশ সচেতন মহলৰ ৷