ETV Bharat / state

DUত আৰম্ভ কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম; WFC-এ শিক্ষাৰ্থীলৈ আগবঢ়াইছে ১০০০ মাৰ্কিন ডলাৰ - KOREAN LANGUAGE COURSES

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা কোৰিয়ান ভাষাৰ পাঠ্যক্ৰমক লৈ আগ্ৰহ বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীৰ ৷ দক্ষিণ কোৰিয়াৰ World Fragrant corporation-এ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াইছে বিশেষ জলপানী ৷

Dibrugarh University partners with S Korea to offer Korean language course
DUত আৰম্ভ কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 7:26 AM IST

ডিব্ৰুগড় : উজনি অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় । ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আহিছে । ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিশ্ববিদ্যালয়খন কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ কৰিছে ।

ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২০২৪ বৰ্ষত আৰম্ভ হৈছে কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম । উজনি অসমৰ উচ্চ শিক্ষাৰ বাটকটীয়া স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ ক্ষেত্ৰত দক্ষিণ কোৰিয়াৰৰ World Fragrant corporation-এ বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।

DUত আৰম্ভ কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম (ETV Bharat Assam)

দক্ষিণ কোৰিয়াৰ World Fragrant corporation চমুকৈ WFC আৰু ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সুকলমে চলি আছে কোৰিয়ান ভাষা শিক্ষাৰ পাঠ্যক্ৰম । দক্ষিণ কোৰিয়াৰ World Fragrant corporation হোৱা চুক্তি অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এবছৰীয়া প্ৰমাণপত্ৰ ক’ৰ্চ (Certificate Course) আৰু দুবছৰীয়া ডিপ্লমা ক’ৰ্চত ৰাজ্যৰ প্ৰায় ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছে বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ।

লগতে পঢ়ক : দক্ষিণ কোৰিয়াৰ লেখিকা হেন কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল

চুক্তি অনুসৰি World Fragrant Cooperation-এ কোৰিয়ান ভাষা শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকললৈ আগবঢ়াইছে ১০০০ মাৰ্কিন ডলাৰ । ইয়াৰ পাছতে বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ World Fragrant corporation ৰ ৬ জনীয়া দলে পৰিদৰ্শন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় । স্বেচ্ছাসেৱী সংস্থাটোৰ ৬ জনীয়া এটা প্ৰতিনিধি দলৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ভ্ৰমণ কৰি বুজ ল’লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চলি থকা পাঠ্যক্ৰম দানৰ সবিশেষ ।

প্ৰতিনিধি দলটোত আছে World Fragrant Cooperation ৰ প্ৰমুখ জিয়ং য়েও, সঞ্চালক ডো চাং, সঞ্চালক ডো মোং, সদস্য হিমুন চেয়ং নী, World Fragrant Cooperation ৰ মুখ্য কার্যালয়ৰ সচিব প্ৰধান চো আন লী আৰু চেজংস্থিত প্ৰতিষ্ঠানটোৰ সচিব প্ৰধান কি ঢুক লী ।

  • কোৰিয়ান ভাষা শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি কেনেদৰে লাভাম্বিত হ'ব :

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অহা দক্ষিণ কোৰিয়াৰৰ World Fragrant corporationৰ ৬ জনীয়া দলটোক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কার্যালয়ৰ সঞ্চালক অধ্যাপক সুৰজিত বৰকটকীয়ে স্বাগতম জনায় ৷ লগতে কোৰিয়ান ভাষাৰ শিক্ষাৰ জৰিয়তে যে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠানত সংস্থাপন লাভ কৰিব পৰাকৈ যোগ্য হৈ উঠিব বুলি উল্লেখ কৰে ।

বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক জীতেন হাজৰিকাই সম্মানীয় প্ৰতিনিধি বর্গৰ আগমনত উৎফুল্ল হৈ কয় যে এনেধৰণৰ প্ৰয়াসে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু শৈক্ষিক বিনিময়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব । লগতে দক্ষিণ কোৰিয়াৰ World Fragrant corporation-এ অসমৰ চাহকে ধৰি অন্যান্য ক্ষেত্ৰত আৰম্ভ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে সংস্থাপন লাভ কৰিব বুলিও জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক : লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত হ’ব জাপানী ভাষাৰ শিক্ষাদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.