ETV Bharat / state

ভালে ভালেই উভতি আহিল গৌতম; মুক্তিলাভৰ বাবে পৰেশ বৰুৱাক জনালে ধন্যবাদ - TINSUKIA KIDNAP CASE

অৱশেষত ঘৰলৈ আহিল গৌতম ৷ প্ৰায় ১৫ দিন কোনো খবৰেই নাছিল অপহৃত ল’ৰাটোৰ ৷ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে নিজৰ অনুভৱ...

TINSUKIA KIDNAP CASE
ভালে ভালেই উভতি আহিল গৌতম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 7:22 AM IST

তিনিচুকীয়া: “মোক যেনেকৈ লৈ গৈছিল তেনেকৈ ঘৰলৈ ঘূৰাই পঠোৱাৰ বাবে পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ । মোৰ কোনো দোষ নাছিল বাবেই মোক ভালে ভালে ঘূৰাই পঠালে । লগতে সকলো দল-সংগঠন আৰু সংবাদ মাধ্যমলৈ বহুত বহুত ধন্যবাদ, মোক ঘৰলৈ ঘূৰি অহাত সহায় কৰাৰ বাবে ।’’ এই মন্তব্য গৌতম বসুমতাৰীৰ ।

যোৱা ২৩ অক্টোবৰৰ নিশা প্ৰায় ১০ বজাত সন্দেহজনক আলফা স্বাধীনৰ এটা দলে অপহৰণ কৰিছিল জাগুনস্থিত ৰাধা চেতিয়াৰ মালিকাধীন চাহ ফেক্টৰীৰ পৰা ৷ সমগ্ৰ অপহৰণকাণ্ড CCTV কেমেৰাত বন্দী হৈছিল যদিও কোনো সংগঠনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাছিল । অৱশেষত বৃহস্পতিবাৰে ১৫ দিনৰ অন্তত গৌতম মুকলি আকাশৰ তললৈ অহাৰ পাছত পোহৰলৈ আহে যে নিষিদ্ধ ঘোষিত আলফা স্বাধীনে সংঘটিত কৰিছিল উক্ত অপহৰণকাণ্ড ।

ভালে ভালেই উভতি আহিল গৌতম (ETV Bharat)

১৫ টাকৈ দিন আলফা স্বাধীনৰ সৈতে থাকি ওলাই আহি সংবাদমাধ্যমৰ আগত অপহৃত গৌতম বসুমতাৰীয়ে কয়, “৬ দিন খোজকাঢ়ি গৈ জংঘলৰ মাজতে শিৱিৰ কৰি ৰাখিছিল । মাজে মাজে জিৰণি লৈছিল যদিও একো গম পোৱা নাছিলোঁ । কোন জেগাত থাকিলোঁ একো গম নাপালোঁ যদিও মোক কোনো কষ্ট নিদিয়াকৈ ৰাখিলে, সময়মতে খোৱা-বোৱা কৰাইছিল । আহোঁতে মোক চাৰিজনে আধা ৰাস্তালৈকে আগবঢ়াই থৈ যায় । বহুত খোজ কাঢ়িব লগা হোৱাৰ বাবে ভৰিৰ বিষ হৈ আছে ।”

লগতে পঢ়ক: অপহৰণকাৰী সংগঠনে মুকলি কৰিলে গৌতম বসুমতাৰীক

“মই আগতে গম পোৱা নাছিলোঁ পৰেশ বৰুৱাই লৈ গৈছিল বুলি ৷ এতিয়া গম পাই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ল’ৰাটোক ভালে ভালে, সোঁ শৰীৰে ঘৰলৈ ঘূৰাই পঠোৱাৰ বাবে ।” এই মন্তব্য তিনিচুকীয়া জিলাৰ জাগুনৰ চাহপাত ফেক্টৰীৰ পৰা অপহৃত গৌতম বসুমতাৰীৰ পিতৃৰ ।

পুত্ৰক ওভতাই পোৱাতহে যেন উশাহ ঘূৰি আহিল পিতৃৰ ৷ তেওঁ কয়, ‘‘যিমান আমাৰ দল-সংগঠন আছিল সকলোৱে পৰেশ বৰুৱাক অনুৰোধ জনাইছিল মুকলি কৰি দিবলৈ আৰু দল-সংগঠনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ল’ৰাটোক মুকলি কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ পৰেশ বৰুৱাক, লগতে যিমান দল-সংগঠন আছিল সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ ।”

কেনেদৰে গৌতম বসুমতাৰীক পিতৃয়ে পালে সেই সন্দৰ্ভত তেওঁ পুনৰ কয়, “মোৰ ল’ৰাটোৱে নদীৰ পাৰত গাড়ী ধুই থকা এজন মানুহক অনুৰোধ কৰি পুৱা প্ৰায় ১০.৪০ বজাত ম’বাইল ফোনটো লৈ মোলৈ ফোন কৰিছিল । মই অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ ১৭ মাইলতেই লগ পাইছিলোঁ । ১৭ মাইললৈকে বেলেগ এখন গাড়ীত ভাড়া আহিছিল ৷ ১৭ মাইলত দেউতা ৰৈ আছে, মোক অপহৰণ কৰি লৈ গৈছিল বুলি অনুৰোধ কৰি আহিছিল গাড়ীখনত ।”

লগতে পঢ়ক: ৯ দিন অতিক্ৰম; সন্ধান নাই অপহৃত চাহ ফেক্টৰীৰ কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.