ETV Bharat / politics

কোন ‘অঁকৰা ল’ৰা’ই বিহালীৰ ৰাইজক গাখীৰ খুৱাবলৈ ‘মতা গৰু’ আনিছে ? - ASSAM BY POLLS 2024

গৌৰৱ গগৈয়ে চাহ জনগোষ্ঠীৰ লোক এজন বিধায়ক হোৱাটো নিবিচাৰে ৷ ৫০ বছৰলৈকে কংগ্ৰেছ ভাৰতত কেতিয়াও জয়ী হ'ব নোৱাৰে । বিহালীত মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা ৷

ASSAM BY POLLS 2024
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam BJP X handle)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 9:29 AM IST

বিশ্বনাথ: উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিদিন বাকী থকা অৱস্থাত ৰাজ্যৰ পাঁচোটা নিৰ্বাচনমুখী সমষ্টিতে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে ৷ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত বিজেপিৰ উপ-প্ৰভাৰীৰ দায়িত্ব পালন কৰি থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত প্ৰচাৰ সামৰি নামি পৰিছেহি ৰাজ্যৰ উপ-নিৰ্বাচনৰ ৰণক্ষেত্ৰত ৷ পাঁচোখন আসন দখলৰ স্বাৰ্থত শাসক-বিৰোধী উভয়েই ব্যাপকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে ৷

নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাৰ আগৰে পৰাই বিশেষভাৱে চৰ্চা লাভ কৰি থকা সমষ্টিটো হৈছে বিহালী সমষ্টি ৷ কিয়নো এই সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবেই বিৰোধী ঐক্যত ফাট মেলা দেখা গৈছে ৷ ভিন্ন মহলত হোৱা চৰ্চা অনুসৰি কংগ্ৰেছকে ধৰি বিৰোধী ঐক্যই এই আসনখনত চিপিআইএমএলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও শেহত সকলো ওলট-পালট হৈ গ’ল ৷

যোৰহাট সংসদীয় সমষ্টিৰ কংগ্ৰেছী সাংসদ তথা লোকসভাত বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈৰ পছন্দ মতেই কংগ্ৰেছৰ শীৰ্ষ মহলে বিহালী সমষ্টিত টিকট প্ৰদান কৰিলে জয়ন্ত বৰাক ৷ পিছে জয়ন্ত বৰা উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পাছলৈকে আছিল বিজেপিত ৷ অৱশ্যে টিকট লাভ নকৰাত তেওঁ বিজেপি ত্যাগ কৰে আৰু কংগ্ৰেছৰ পৰা টিকট লাভৰ পাচতে কংগ্ৰেছ দলত যোগদান কৰে ৷ যাক লৈ বিৰোধী ঐক্যৰ বাকী কেইটা দল অসন্তুষ্ট হৈ পৰে কংগ্ৰেছৰ প্ৰতি ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও এই সমষ্টিটো মিত্ৰ দলক এৰি দিয়াৰ পক্ষতে আছিল ৷ কিন্তু বৰাৰ কথা নৰজিল আৰু কংগ্ৰেছে নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰিলে ৷ বিৰোধী ঐক্যই তাৰ পাচতে চিপিআইএমএলৰ এগৰাকী নেতাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে ৷ লগে লগে কংগ্ৰেছ আৰু বাকী বিৰোধী দলৰ মাজত ব্যৱধান আহি পৰে ৷

লগতে পঢ়ক: 'ককা, পুত্ৰ নাতি এমএলএ হ’ব, বাকীবোৰে আমুল গাখীৰ খাই থাকিব লাগিব ৷' কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ সৰৱ মুখ্যমন্ত্ৰী

বিহালী সমষ্টিটো বিগত সময়ত বিজেপিৰ দখলত আছিল ৷ গতিকে বিজেপিয়ে এইবাৰো সমষ্টিটো দখলৰ অপ্ৰাণ চেষ্টা কৰিছে ৷ কেবাগৰাকীও মন্ত্ৰী, বিধায়ক, সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী নামি পৰিছে বিহালী দখলৰ কুচকাৱাজত ৷ দিনে-নিশাই বিহালীত বাহৰ পাতি বিজেপি নেতাসকলে তেওঁলোকৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালক জয়ী কৰোৱাৰ বাবে অপ্ৰাণ চেষ্টা চলাই আছে ৷

ইয়াৰ মাজতে বৃহস্পতিবাৰে বিহালীত দুখনকৈ নিৰ্বাচনী সভা আৰু এটা নিৰ্বাচনী সমদলত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজনৈতিক ক্ষেত্ৰৰ খবৰ ৰখা সকলে এই কথা ভালকৈয়ে জানে যে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজৰ সম্পৰ্ক পূৰ্বৰ পৰাই অহিনকুল ৷ গতিকে প্ৰাৰ্থী ঘোষণাৰ পূৰ্বৰে পৰা বিহালীত প্ৰচাৰ চলাই থকা গৌৰৱ গগৈক নিৰ্বাচনী ভাষণত লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

মুখ্যমন্ত্ৰীৰ ব্ৰহ্মাস্ত্ৰ-

বৃহস্পতিবাৰে বিহালী সমষ্টিৰ বৰগাং আৰু জিনজিয়াত দুখনকৈ বিশাল প্ৰচাৰ সভাৰ লগতে এক পদ যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । দিগন্ত ঘাটোৱালক জয়ী কৰাবলৈ এইবাৰ মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰে বিহালীত । অৰুণোদয় বা নিযুত মইনা আঁচনি নহয়, বিহালীৰ ৰাস্তা-ঘাট চকচকীয়া কৰিবলৈ ১০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

তাৰ লগতে বিহালীত বহু ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষি উদ্যোগ, হাইস্কুল, উন্নতমানৰ চিকিৎসালয় স্থাপনৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷ ইফালে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰিবলৈ ছ’লাৰ ফেন্সিং স্থাপনৰো ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আশ্বাসৰ উপৰি আশ্বাস বিহালীবাসীক

বিহালীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীয়ে বিহালীবাসীলৈ ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে । লগতে তেওঁ আত্মসহায় গোটৰ মহিলাসকলে বহুদিন ধৰি অপেক্ষা কৰি থকা ১০০০০ টকা ফেব্ৰুৱাৰী মাহত দিয়াৰ ঘোষণা কৰে । বৰগাং নদী, বুৰৈ নদী আৰু বুঢ়ীগাং নদীৰ ওপৰত মুঠ তিনিখন দলং নিৰ্মাণৰো ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

মতা গৰু আৰু অঁকৰা ল’ৰা কোন ?

কংগ্ৰেছ দলৰ প্ৰতি সমালোচনাত্ম হৈ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মতা গৰু আখ্যা দিয়ে । লগতে গৌৰৱ গগৈক আওপকীয়াকৈ অঁকৰা ল'ৰা আখ্যা দিয়ে । এই প্ৰসংগত তেওঁ কয়, গৌৰৱ গগৈয়ে বিহালীৰ ৰাইজক গাখীৰ খুওৱাৰ আশ্বাসেৰে প্ৰাৰ্থিত্ব দিয়া নেতাজনে কেতিয়াও গাখীৰ দিব নোৱাৰে । কাৰণ কেন্দ্ৰতো বিজেপি চৰকাৰ আৰু ৰাজ্যতো বিজেপি চৰকাৰ, সেয়ে বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থীজন যদিও জয় হয় তেওঁ মতা গৰুহে হ'ব, যি গাখীৰ দিব নোৱাৰে । বিহালীবাসী ৰাইজে যদি উন্নয়ন বিচাৰে তেন্তে বিজেপিত ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক: বিহালীত উগ্ৰপন্থীৰ নৰসংহাৰৰ কাহিনী সজীৱ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

লগতে কংগ্ৰেছৰ ৰাজনৈতিক স্থিতি সন্দৰ্ভত তেওঁ কয় যে ৫০ বছৰলৈকে কংগ্ৰেছ ভাৰতত কেতিয়াও জয়ী হ'ব নোৱাৰে । লগতে গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি কয় যে গৌৰৱ গগৈয়ে চাহ জনগোষ্ঠীৰ লোক এজন জয়ী হোৱাটো নিবিচাৰে ৷ সেয়ে তেওঁ বিহালীত বাহৰ পাতি আছে । চাহ জনগোষ্ঠীৰ লোকক বিহালীত পৰাস্ত কৰি অসমৰ ৰাজনীতিৰ পৰা চাহ জনগোষ্ঠীৰ নেতাক ভৱিষ্যতলৈ বিদায় দিয়াৰ পৰিকল্পনা কৰিছে । কাৰণ তেওঁ যদি বিজেপিক পৰাস্ত কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে বাকী চাৰিটা সমষ্টিটো এই অভিলেখ গঢ়িব পাৰে ।

আনহাতে গোৰ্খা লোকসকলক উদ্দেশ্য কৰি তেওঁ কয় যে কংগ্ৰেছে গোৰ্খাসকলক বিদেশী সজাই ডি ভোটাৰ কৰিছিল । এতিয়া বিজেপিয়েহে গোৰ্খাসকলক খিলঞ্জীয়াৰ স্বীকৃতি দিয়ে । লগতে তেওঁ ছবিলাল উপাধ্যায়ৰ বাসগৃহ সংৰক্ষণ কৰাৰ ব্যৱস্থা আৰু গুৱাহাটীত উপাধ্যায়ৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰিব বুলিও আশ্বাস প্ৰদান কৰে ।

ইফালে, মায়ামৰা সম্প্ৰদায়ৰ বাবে এটা সাংস্কৃতিক ভৱন নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে । লগতে অনুসূচিত জাতিক বিজেপি দলে মৰ্যদা দিয়াৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে অসমত পীযুষ হাজৰিকাৰ লগতে আন আন অনুসূচিত জাতিৰ লোকক উচ্চ স্থান দিয়া হৈছে ।

আনহাতে, বিজেপিৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত ড৹ শৰ্মাই কয় যে বিজেপিয়ে গোটেই ভাৰততে জনসাধাৰণৰ মাজৰ পৰা সাধাৰণ যুৱক-যুৱতীক নেতৃত্ব প্ৰদানৰ বাবে ৰাজনৈতিক কেডাৰ হিচাপে প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰিছে । কংগ্ৰেছে কেৱল বংশগত ৰাজনীতিহে কৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই: চামগুৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.