ETV Bharat / state

পূৱ বিলাসীপাৰাৰ চাপৰত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

author img

By

Published : Sep 20, 2020, 2:17 PM IST

Updated : Aug 23, 2022, 2:49 PM IST

অঙ্গনাবাড়ী কেন্দ্ৰ সমূহৰ অন্তৰ্গত গাঁও অঞ্চলৰ পুষ্টিহীনতাত ভুগি থকা প্ৰতিগৰাকী শিশুক চিনাক্তকৰণ কৰি স্বাস্থ্য সন্মত বিধান আৰু পুষ্টি যোগান ধৰাই পোষণ মাহৰ লক্ষ্য ।

"Rastriya poshan maah" celebrated at East Bilashipara
পূৱ বিলাসীপাৰাৰ চাপৰত "ৰাষ্ট্ৰীয় পোষণ মাহ" উদযাপন

পূৱ বিলাসীপাৰা, 20 ছেপ্টেম্বৰ: পুষ্টিহীনতা মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে শনিবাৰে দিন জোৰা কাৰ্যসূচীৰে পূৱ বিলাসীপাৰাৰ চাপৰত ৰাজহ চক্ৰৰ অধীনত পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ 2020 (Rastriya Poshan maah)। চাপৰ-শালকোচা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ অঙ্গনাবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাৰ উদ্যোগত পালন কৰা হয় এই পোষণ মাহৰ অনুষ্ঠান ৷

উল্লেখ্য যে, অঙ্গনাবাড়ী কেন্দ্ৰ সমূহৰ অন্তৰ্গত গাঁও অঞ্চলৰ পুষ্টিহীনতাত ভুগি থকা প্ৰতিগৰাকী শিশুক চিনাক্তকৰণ কৰি স্বাস্থ্য সন্মত বিধান আৰি পুষ্টি যোগান ধৰাই পোষণ মাহৰ লক্ষ্য । লগতে প্ৰতিখন গাঁৱতে একোখনকৈ পোষণ বাগিচা তৈয়াৰ কৰি সতেজ শাক পাচলি, ফল মুল ৰোপনৰ ব্যৱস্থা গ্ৰহন কৰি ইয়াৰ প্ৰতি গঞা লোক সকলক সজাগ কৰি তোলাৰ লক্ষ্য গ্ৰহণ কৰে উদ্যোক্তাই ।

এনে কাৰ্যসূচীৰ জড়িয়তে গ্ৰামোঞ্চলৰ শিশু সকলৰ মাজত সততে দেখা দিয়া পুষ্টিহীনতা দুৰীকৰণ হ'ব বুলি ধাৰনা কৰা হৈছে । কাৰ্যসূচীত সমাজ কল্যাণ বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মীসকল উপস্থিত থাকে ৷

লগতে পঢ়কঃ গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজৰ ভয়ংকৰ ছবি

Last Updated : Aug 23, 2022, 2:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.