ETV Bharat / state

আৰক্ষীক ৰাখী পিন্ধালে আস্থাৰ কৰ্মকৰ্তাই

author img

By

Published : Aug 3, 2020, 6:28 PM IST

দুর্বলক ৰক্ষা, দুষ্কৃতিক দমন কৰা বহু কাহিনী ভাৰতীয় সংস্কৃতিৰ ইতিহাসত সদায়েই জিলিকি আছে । আজিৰ এই পবিত্র দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো পালন কৰা দেখা গ'ল পৱিত্ৰ ৰাখী বন্ধনৰ বিভিন্ন কাৰ্যসূচী । ধুবুৰীৰ এটা বেচৰকাৰী সংস্থা আস্থা গোটৰ কৰ্মকৰ্তা সকলে ৰাখী বন্ধন উপলক্ষে ধুবুৰী আৰক্ষী চাউনিত আৰক্ষীৰ বিষয়া জোৱান সকলক পিন্ধালে ৰাখী ।

raksha-bandhan-celebration-at-dhubri-police-police-reserve
মনোবল বৃদ্ধিৰ কামনাৰে আস্থাৰ কৰ্মকৰ্তাই ধুবুৰী আৰক্ষীক পিন্ধালে ৰাখী

নিউজ ডেস্ক,৩আগষ্ট: আজি শাওন মাহৰ পূৰ্ণিমা । শাওন মাহৰ এই পূৰ্ণিমাৰ দিনটোতে হিন্দু সমাজে পূৰ্বৰে পৰা পালন কৰি আহিছে ৰাখী বন্ধনৰ পৰম্পৰা । সমাজত ভাতৃত্বৰ বান্ধোনেৰে স্নেহ, আত্মীয়তা নির্মাণেই হ'ল এই পৰম্পৰাৰ বৈশিষ্ট্য ।

দুর্বলক ৰক্ষা কৰা, দুষ্কৃতিক নাশ কৰা বহু কাহিনী ভাৰতীয় সংস্কৃতিৰ ইতিহাসত জিলিকি আছে । আজিৰ এই পবিত্র দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো পালন কৰা দেখা গ'ল পৱিত্ৰ ৰাখী বন্ধন উপলক্ষে বিভিন্ন কাৰ্যসূচী ।

ধুবুৰীৰ এটা বেচৰকাৰী সংস্থা আস্থা গোটৰ সদস্য সকলেওঁ ৰাখী বন্ধন উপলক্ষে ধুবুৰী আৰক্ষী চাউনিত আৰক্ষীৰ বিষয়া জোৱান সকলক পিন্ধালে ৰাখী ।

ধুবুৰী আৰক্ষী চাউনিত আয়োজিত ৰাখী বন্ধনৰ এই অনুষ্ঠানত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মণ, জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাকে ধৰি বহু সংখ্যক আৰক্ষী বিষয়া আৰু জোৱান ।

আস্থা গোটৰ সদস্যসকলে অনুস্থানত উপস্থিত সকলোকে ৰাখী পিন্ধোৱাৰ লগতে কপালত একোটাকৈ ৰঙা ফোঁট দি দুর্বলক ৰক্ষাৰ লগতে দুষ্কৃতিক দমনৰ বাবে সমাজৰ আগত থকা আৰক্ষীৰ এই সকল জোৱানৰ মনোবল বৃদ্ধিৰ বাবে কৰিলে প্ৰাৰ্থনা ।

সাম্প্ৰতিক পৰিস্থিতিত ক'ৰণাৰ বিৰুদ্ধে হৈ থকা যুঁজখনত প্ৰথম শাৰীৰ যুদ্ধাৰ ৰূপত অৱতীৰ্ণ হৈ আৰক্ষীয়ে যিদৰে নিজৰ দায়িত্ব পালন কৰি ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত ৰখাৰ চেষ্টা কৰি আহিছে সেয়া সচাকৈয়ে প্ৰশংসনীয় । এই সকল যোদ্ধাক ৰক্ষা বন্ধনৰ এই শুভ দিনটোতে একোখনকৈ মাস্ক আৰু হেণ্ড চেনিটাইজাৰৰ লগতে একোটিকৈ কলম উপহাৰ হিচাপে আগবঢ়ালে গোটৰ সদস্য সকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.