ETV Bharat / state

বিলাসীপাৰা প্ৰেছ ক্লাৱত কলাগুৰুক সোঁৱৰণ

১৯৬৯ চনৰ আজিৰ দিনটোতে মৃত্যুবৰণ কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। শিল্পীজনাক সোঁৱৰি আজিৰ এই দিনটোতে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় ৰাভা দিৱস। লক ডাউনৰ মাজতে এইবাৰো ৰাজ্যত অনুষ্টুপীয়াকৈ হলেও পালন কৰা হৈছে কলাগুৰুক সোৱৰি ৰাভা দিৱসৰ বিভিন্ন কাৰ্যসূচী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শনিবাৰে বিলাসীপাৰা প্ৰেছ ক্লাৱতো পালন কৰা হয় ক'লাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু তিথি।

Rabha_Divas_Organize at bilashipara press club
বিলাসীপাৰা প্ৰেছ ক্লাৱত কলাগুৰুক সোঁৱৰণ
author img

By

Published : Jun 20, 2020, 4:19 PM IST

Updated : Jun 20, 2020, 4:54 PM IST

বিলাসীপাৰা, ২০ জুন: ১৯৬৯ চনৰ আজিৰ দিনটোতে মৃত্যুবৰণ কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। শিল্পীজনাক সোঁৱৰি আজিৰ এই দিনটোতে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় ৰাভা দিৱস। লক ডাউনৰ মাজতে এইবাৰো ৰাজ্যত অনুষ্টুপীয়াকৈ হলেও পালন কৰা হৈছে কলাগুৰুক সোঁৱৰি ৰাভা দিৱসৰ বিভিন্ন কাৰ্যসূচী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শনিবাৰে বিলাসীপাৰা প্ৰেছ ক্লাৱতো পালন কৰা হয় ক'লাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু তিথি।

বিলাসীপাৰা প্ৰেছ ক্লাৱত কলাগুৰুক সোঁৱৰণ

পুৱা ৯ বজাৰ পৰা অনুষ্টুপীয়া কৈ উদযাপন কৰা হয় ৰাভা দিৱসৰ এই কাৰ্যসূচী। বিলাসীপাৰা প্ৰেছ ক্লাবৰ উপদেষ্টা ডাঃ কানুলাল দাসৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় অনুষ্ঠান । ইয়াৰ পাছতে কলাগুৰু জনাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে ক্লাবৰ সম্পাদক বাপ্পা সৰকাৰে ।

পৰৱৰ্তী কাৰ্যসূচীত প্ৰেছ ক্লাৱৰ সভাপতি গৰাকীৰ সঞ্চালনাত অনুষ্ঠিত হয় ক'লাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনি সন্দৰ্ভত এখনি স্মৃতিচাৰণ সভা। সভাত ক'লাগুৰুৰ জীৱনী সম্পৰ্কে বিস্তৃত আলোক পাত কৰে জ্যেষ্ঠ সাংবাদিক কল্যাণ চক্ৰৱৰ্তীয়ে । সভাৰ অন্তিম কাৰ্যসূচীত ক্লাৱৰ কোষাধ্যক্ষ তথা সাংবাদিক গীতাঞ্জলী নিয়োগীয়ে এটি ৰাভা সংগীত পৰিৱেশনেৰে সমগ্ৰ অনুস্থানটোৰে সৌষ্ঠৱ বৃদ্ধি কৰি তোলা পৰিলক্ষিত হয় ।

লগতে চাওকঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

Last Updated : Jun 20, 2020, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.