ETV Bharat / state

দেৱী দুৰ্গাৰ বিসৰ্জনৰ বাবে সাজু ধুবুবীৰ পূজা সমিতি তথা জিলা প্ৰশাসন - ধুবুৰী জিলা প্ৰশাসন

মংগলবাৰে সমাপন হ'বলগীয়া শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ বাবে সকলো প্ৰয়োজনীয় প্ৰস্তুতি তুংগত কৰি তুলিছে ধুবুৰীৰ জিলা প্ৰশাসন তথা পূজা সমিতিসমূহে ৷ দশমীৰ দিনা ধুবুৰীত উলিওৱা হ'ব বিশেষ শোভাযাত্ৰা ।

দশমীৰ বাবে প্ৰস্তুতি তুংগত ধুবুবীৰ পূজা সমিতি আৰু জিলা প্ৰশাসনৰ
author img

By

Published : Oct 7, 2019, 6:44 PM IST

ধুবুৰী,7 অক্টোবৰঃ সোমবাৰে শাৰদীয় দুৰ্গোৎসৱৰ নৱমী পূজা সম্পন্ন হোৱাৰ পিছতেই কাইলৈ দশমীত দেৱী দূৰ্গাক বিসৰ্জনক লৈ পূৰ্ণ প্ৰস্তুতি চলিছে ধুবুৰীত । ধুবুৰী সদৰ আৰক্ষী থানাৰ অধীনস্থ মুঠ ১০৪ টা পূজা সমিতিৰ পূজা মণ্ডপত প্ৰতিষ্ঠিত হৈ থকা দেৱী দুৰ্গাৰ প্ৰতিমাক সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা আৰু নীতি-নিয়মৰ মাজেৰে দশমীৰ সন্ধিয়া মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ব ।

দেৱী দুৰ্গাক বিসৰ্জন দিয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি তুংগত কৰি তুলিছে ধুবুৰীৰ পূজা সমিটি আৰু ধুবুৰী জিলা প্ৰশাসনে । দৰাচলতে ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ কাছাৰী ঘাটত বিসৰ্জন দিয়া হ'ব ধুবুৰী চহৰৰ ১০৪ টা মণ্ডপৰ দুৰ্গা প্ৰতিমাক । বিসৰ্জনৰ বাবে স্থায়ীভাৱে ব্যৱহৃত কাছাৰীঘাটটো মেৰামতি কৰি সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে জিলা প্ৰশাসনে । ইপিনে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় অনুসৰি কাইলৈ পুৱা পূজা সম্পন্ন হোৱাৰ পিছত দুৰ্গা প্ৰতিমাক সু-সজ্জিত ট্ৰাকত উঠাই এঘাৰ বজাত শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে আবেলি চাৰি মান বজাত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত বিসৰ্জন পৰ্ব আৰম্ভ হ'ব । উল্লেখযোগ্য যে, শাৰদীয় দুৰ্গোৎসৱৰ বাবে বিখ্যাত ধুবুৰী চহৰত প্ৰতিবছৰৰ দৰে এইবাৰও দেৱী দুৰ্গাৰ প্ৰতিমাক ট্ৰাকত উঠাই শোভাযাত্ৰা উলিওৱা হ'ব । আনহাতে পূৰ্ব পৰম্পৰা অনুসৰি ১৩৩ বছৰত ভৰি দিয়া হৰিসভা পূজা মণ্ডপৰ প্ৰতিমা শোভাযাত্ৰাৰ প্ৰথমস্থানত থাকিব ৷ মন কৰিবলগীয়া যে, দেৱী দুৰ্গাক বিসৰ্জনৰ পূৰ্বে উলিওৱা শোভাযাত্ৰাৰ ক্ষেত্ৰত ধুবুৰীৰ শোভাযাত্ৰা ৰাজ্যখনৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈ আহিছে ।

দশমীৰ বাবে প্ৰস্তুতি তুংগত ধুবুবীৰ পূজা সমিতি আৰু জিলা প্ৰশাসনৰ

আৰু চাওক

Intro: কাইলৈ দশমী। দেৱী দূৰ্গাক বিসৰ্জন দিয়া হব দশমীৰ দিনা। ইপিনে দশমী উপলক্ষে প্ৰস্তুতি চলাইছে জিলা প্ৰশাসন আৰু পূজা কমিটি সমূহে। দশমীৰ দিনা ধুবুৰীত উলিওৱা হব বিশেষ শোভাযাত্ৰা।

Body:

আজি নৱমী পূজা সম্পন্ন হোৱাৰ পিছত কাইলৈ দশমীত দেৱী দূৰ্গাক বিসৰ্জনক লৈ পূৰ্ণ প্ৰস্তুতি চলিছে ধুবুৰীত। ধুবুৰী সদৰ আৰক্ষী থানাৰ অধীনস্থ মুঠ ১০৪ টা পূজা কমিটিৰ পূজা মণ্ডপত প্ৰতিষ্ঠিত হৈ থকা দেৱী দুৰ্গাই বিদায় লব দশমীত। দেৱী দূৰ্গাক বিসৰ্জন দিয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে ধুবুৰীৰ পূজা কমিটি আৰু জিলা প্ৰশাসনৰ মাজত। দৰাচলতে ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ এইখন কাছাৰী ঘাটত বিসৰ্জন দিয়া হব ধুবুৰীৰ ১০৪ টা দূৰ্গা প্ৰতিমাক। বিসৰ্জনৰ বাবে স্থায়ী কাছাৰী ঘাটটো মেৰামতি কৰি সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈ আছে। ইপিনে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় অনুসৰি কাইলৈ পুৱা পূজা সম্পন্ন হোৱাৰ পিছত দূৰ্গা প্ৰতিমাক সু সজ্জিত ট্ৰাকত উঠাই এঘাৰ বজাত শোভাযাত্ৰা উলিয়াব লাগিব। আনহাতে আবেলি চাৰি মান বজাতে বিসৰ্জন আৰম্ভ হব। উল্লেখযোগ্য যে, ঐতিহাসিক ধুবুৰী চহৰত প্ৰতি বছৰৰ দৰে এইবেলিও দেৱী দূৰ্গা প্ৰতিমাক ট্ৰাকত উঠাই শোভাযাত্ৰা উলিওৱা হব ধুবুৰী চহৰত। তাৰ পিছতেই ধৰ্মীয় নীতি নিয়ম অনুসৰি বিসৰ্জন দিয়া হব দেৱী দূৰ্গাক। আনহাতে পূৰ্ব পৰম্পৰা অনুসৰি ১৩৩ বছৰত ভৰি দিয়া হৰিসভা পূজা মণ্ডপৰ প্ৰতিমা শোভাযাত্ৰাৰ প্ৰথম ট্ৰাকত থাকিব।

দেৱী দূৰ্গাক কাইলৈ বিসৰ্জনৰ বাবে পূজা কমিটি সমূহ প্ৰস্তুতি চলাইছে। সমান্তৰাল ভাৱে দেৱী দূর্গাৰ বিদায় বেলাত দুখ প্ৰকাশ কৰাও দেখা পোৱা গৈছে।

Byte:- হৰিসভা পূজা কমিটি।

Conclusion: মন কৰিবলগীয়া বিষয় যে, দেৱী দূৰ্গাক বিসৰ্জনৰ পূৰ্বে উলিওৱা শোভাযাত্ৰা ৰাজ্যখনৰ ভিতৰত ধুবুৰীৰ শোভাযাত্ৰা অন্যতম শোভাযাত্ৰা হিচাপে বিবেচিত হৈছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.