ধুবুৰী, 11 ফেব্ৰুৱাৰী : পাচঁদিন পূৰ্বে সন্ধানহীন হৈছিল ধুবুৰীৰ জিলাৰ দুগৰাকী ছাত্ৰী (Dhubri two students missing for five days)৷ ইয়াৰ পিছতেই তীব্ৰ উত্তেজনাই বিৰাজ কৰে অঞ্চল জুৰি ৷ সন্ধানহীন অৱস্থাত থকা ছাত্ৰী দুগৰাকী হ’ল হালাকুৰাৰ পুনম ৰায় আৰু তৃষ্ণা ৰায় ৷ দুয়োগৰাকী ছোৱালী দশম মান শ্ৰেণীত অধ্যয়ণৰত বুলি জানিবলৈ পৰা গৈছে ৷ পাঁচদিন পূৰ্বে ৰাতিপুৱাই দুয়োগৰাকী ছাত্ৰীয়ে টিউচন লৈ ওলায় যায় যদিও অইন দিনবোৰৰ দৰে সময়মতে ঘৰলৈ উভতি নাহে ৷

তাৰ পিচতে ছাত্ৰ দুগৰাকীৰ অভিভাৱকে স্থানীয় আৰক্ষী চকীত ছোৱালী দুগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত তদন্তৰ দাবী কৰে আৰু হালাকুৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১০৪/২৩ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰু উদ্ধাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে, যদিওঁ বিগত 7 ফেব্ৰুৱাৰীৰ পৰা আজি পৰ্যন্ত ছাত্ৰী দুগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই হালাকুৰা আৰক্ষীয়ে । আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত ক্ষুব্ধ হৈ স্থানীয় ৰাইজে শুকুৰবাৰে ঘেৰাও কৰে ধুবুৰীৰ হালাকুৰা আৰক্ষী চকী (Halakura police station) ৷ নিৰুদ্দেশ ছাত্ৰী দুগৰাকীক উদ্ধাৰত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ তুলি উত্তেজিত মহিলাই 'আমাৰ ছোৱালীক উদ্ধাৰ কৰক', 'নাৰীৰ সুৰক্ষা নিশ্চিত কৰক', আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে চৌদিশ উত্তাল কৰি তোলা দেখা যায় ৷

আৰক্ষীৰ লেহেমীয়া তদন্তত অতীষ্ঠ হোৱাৰ লগতে আৰক্ষীৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়ত ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষী চক্ৰ বিষয়া, গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ ছাত্ৰী দুগৰাকীক শীঘ্ৰে উদ্ধাৰৰ আশ্বাস প্ৰদান কৰে ৷ ইয়াৰ পিছতহে পৰিস্থিতিয়ে কিছু শাম কটা পৰিলক্ষিত হয় । উল্লেখ্য যে, ধুবুৰী আৰক্ষীয়ে অসম আৰু পশ্চিম বংগ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ অভিযান অব্যাহত ৰখা বুলি জানিবলৈ দিছে যদিও বৰ্তমানলৈকে কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি সংশ্লিষ্ট আৰক্ষীয়ে জানিবলৈ দিয়ে (protesters surrounded Halakura police station) ।
আনহাতে, অঞ্চলটোৰ দুগৰাকীকৈ ছাত্ৰী সন্ধানহীন হৈ থকা ঘটনাৰ পিছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰিব নোৱাৰা ঘটনাক সহজ ভাবে মানি লব পৰা নাই পৰিয়ালৰ লগতে স্থানীয় ৰাইজে । শীঘ্ৰে নিৰুদ্দিষ্ট ছাত্ৰী দুগৰাকীক বিচাৰি উলিয়াবলৈ আৰক্ষীৰ ওচৰত দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক : Naxalites shot BJP leader : ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাওবাদীয়ে গুলীয়ালে বিজেপি নেতাক