ETV Bharat / state

ধুবুৰী-ফুলবাৰী সংযোগী দলং নিৰ্মাণৰ প্ৰস্তুতি তুংগত - প্ৰতিক্ৰিয়া

প্ৰস্তাৱিত ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ প্ৰস্তুতি তুংগত ৷ দলং আৰু পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণ কৰাত ব্যস্ত ধুবুৰী জিলা প্ৰশাসন । কিন্তু এই ভূমি অধিগ্ৰহণক কেন্দ্ৰ কৰি মাটিৰ মালিকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

Preparation for construction of Dhuburi Phulbari Connected bridge assam etv bharat news
ধুবুৰী-ফুলবাৰী সংযোগী দলং
author img

By

Published : Oct 8, 2020, 5:52 PM IST

ধুবুৰী,8 অক্টোবৰ : এছিয়াৰ ভিতৰত সৰ্ববৃহৎ প্ৰস্তাৱিত দলংখন হৈছে ধুবুৰী-ফুলবাৰী সংযোগী দলং ৷ যি খন দলঙক লৈ ব্যাপক চৰ্চা চলিছে ধুবুৰীৰ লগতে সমগ্ৰ অসমত ৷ ইতিমধ্যে দলং নিৰ্মাণৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে চলাইছে প্ৰস্তুতি ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই দলঙৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰিছে জিলা প্ৰশাসনে । জিলাখনৰ মতিৰচৰ আৰু আদাবাৰী পঞ্চায়তৰ ছাগলচৰা অঞ্চলত ভূমি অধিগ্ৰহণৰ বাবে গৰাকীক লিখিতভাৱে ইতিমধ্যে জনোৱা হৈছে । প্ৰতি বিঘা মাটিৰ মূল্য 6,00,000 টকালৈকে নিৰ্ধাৰণ কৰিছে চৰকাৰে । কিন্তু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এই মূল্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

লাট মণ্ডলৰ মন্তব্য

উল্লেখ্য যে, জিলা প্ৰশাসনে চৰকাৰৰ তৰফৰ পৰা মাটিৰ গৰাকীক ভূমিৰ মূল্য হিচাপে চেক প্ৰদান কৰিবলৈ যায় যদিও অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজে । কিয়নো চৰকাৰে নিৰ্ধাৰণ কৰা মূল্য বৰ্তমান মাটিৰ মূল্যৰ তুলনাত যথেষ্ট কম হিচাপে পৰিচিত হৈছে । সম্প্ৰতি ৰাইজে চৰকাৰৰ পৰা মাটিৰ উচিত মূল্য দাবী কৰিছে ৷ পৰৱৰ্তী সময়তি এই বিষয়টোতে কোন দিশে গতি কৰে সেয়া হ’ব লক্ষণীয় ৷

স্থানীয় ৰাইজৰ ক্ষোভ

লগতে চাওকঃ চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত গাঁওবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.