ETV Bharat / state

দক্ষিণ শালমাৰাত উন্নয়নৰ নামত প্ৰহসন - ভুক্তভোগী

দক্ষিণ শালমাৰাত উন্নয়নৰ নামত ভেঁকোভাওনা ৷ পূৰ্বৰ কাঠৰ দলঙৰ ঠাইত বৰ্তমান নিৰ্মাণ কৰা হ'ল বাঁহৰ দলং ৷ শীঘ্ৰেই পকী দলং নিৰ্মাণ কৰাৰ আহ্বান ৰাইজৰ

Poor Bridge Condition In South Salmara
দক্ষিণ শালমাৰাত উন্নয়নৰ ফোঁপোলা স্বৰূপ
author img

By

Published : Sep 16, 2020, 9:53 PM IST

Updated : Sep 16, 2020, 10:04 PM IST

ধুবুৰী, 16 ছেপ্তেম্বৰ : উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্ল'গানেৰে চৰকাৰ গঠন কৰা সোণোৱাল চৰকাৰৰ দিনত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ অঞ্চলত উন্নয়নৰ নামত হৈছে কেৱল ভেকোভাওনা । পূৰ্বে কাঠৰ দলঙেৰে ৰাইজে যাতায়ত কৰিছিল যদিও বৰ্তমানে জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে ।

দক্ষিণ শালমাৰাত উন্নয়নৰ ফোঁপোলা স্বৰূপ

উল্লেখযোগ্য যে, হৈ যোৱা ভয়ংকৰ বানপানীৰ ফলত দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন ঠাইত ৰাস্তা-ঘাট,দলং,মথাউৰি আদি ধ্বংস হৈ বিস্তৰ ক্ষতি হোৱাত ৰাইজ ভীষণ অসুবিধা আৰু বিপদৰ সম্মুখীন হ'ব লগা হৈছে ।

Poor Bridge Condition In South Salmara
দক্ষিণ শালমাৰাত উন্নয়নৰ ফোঁপোলা স্বৰূপ

লগতে পঢ়ক : কবৰ খান্দি উলিয়াই অনা হ’ল দুমাহ পূৰ্বেই মৃত্যু হোৱা এজন ব্যক্তিৰ মৃতদেহ

বুধবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ইছলাম প্ৰধানী আৰু উপ-সভাপতি শ্বাহীন জাবেদ আহমেদে ফকিৰগঞ্জ নামাশেৰশো জৰাজীৰ্ণ বাঁহৰ দলং খনৰ পৰিস্থিতি দেখি ক্ষোভ প্ৰকাশ কৰি কয় যে, বৃহৎ অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে চৰকাৰ,জিলা প্ৰশাসন বা স্থানীয় জনপ্ৰতিনিধিয়ে অতি সোনকালে দলং খনৰ মেৰামতি কৰি দিয়াৰ দাবী জনায় । অন্যথা গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

Poor Bridge Condition In South Salmara
দক্ষিণ শালমাৰাত উন্নয়নৰ ফোঁপোলা স্বৰূপ

উল্লেখযোগ্য যে, কেৱল এইখন বাঁহৰ সাঁকোৱে নহয় অঞ্চলটোৰ প্ৰতিটো বাট পথ সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ অভিযোগ ৰাইজৰ । স্থানীয় বিধায়ক, সাংসদ তথা পঞ্চায়ত প্ৰতিনিধিক বহুবাৰ আবেদন কৰাৰ পিচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ শীঘ্ৰেই বাঁহৰ সাঁকোৰ ঠাইত এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ সন্থাৰ লগতে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : একেটা পৰিয়ালৰ তিনিজনৰ প্ৰাণ কাঢ়িলে ব্ৰজপাতে

Last Updated : Sep 16, 2020, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.