ETV Bharat / state

জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে বিলাসীপাৰাবাসীক - পশ্চিম বিলাসীপাৰা সমষ্টি

পশ্চিম বিলাসীপাৰাৰ বগৰীবাৰী আটানীৰ পৰা গুটিপাৰা লৈ যোৱা পথত থকা এখন বাঁহৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক ৷ বহুবাৰ স্থানীয় বিধায়ক তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক বহুবাৰ আবেদন-নিবেদন জনোৱাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷

poor-bridge-condition-at-bilasipara
পশ্চিম বিলাসীপাৰাৰ জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে জনসাধাৰণক
author img

By

Published : Jun 6, 2021, 12:49 PM IST

পশ্চিম বিলাসীপাৰা,6 জুন: পশ্চিম বিলাসীপাৰা সমষ্টিৰ বগৰীবাৰী আটানীৰ পৰা গুটিপাৰা লৈ যোৱা পথৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে শ শ পথচাৰীক ৷ সমাগত বাৰিষাত এই জৰাজীৰ্ণ বাঁহৰ দলংখনৰ অৱস্থাই শংকিত কৰি তুলিছে কুৰিখন গাঁৱৰ জনসাধাৰণক ৷ চিৰ প্ৰবাহিত টিপকাই নৈৰ ওপৰৰ এই দলংখনেৰে যাতায়াত কৰি আহিছে নিতৌ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজে ৷ এই দলংখনে যমৰ যাতনা ভোগাইছে পথচাৰীসকলক ৷

পশ্চিম বিলাসীপাৰাৰ জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে জনসাধাৰণক

নৈখনৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদক বহুবাৰ আবেদন-নিবাদন জনাই যদিও কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷ লগতে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলেও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে ৷ যাৰ বাবে মৰণত শৰণ দি জৰাজীৰ্ণ বাঁহৰ দলংখনৰ ওপৰেৰে যাতায়াত কৰিবলগীয়া হৈছে গুটিপাৰা, আণ্ডামাৰী, গাদুৰহাট, আদিকে ধৰি কুৰিখন গাঁৱৰ ৰাইজে ৷

বিপদসংকুল দলংখনেৰে যাতায়াত কৰাৰ ফলত কেবাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি ৰাইজে অভিযোগ তুলিছে ৷ সেয়ে নৱ নিৰ্বাচিত চৰকাৰখনক ৰাইজে নৈ খনৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : সমকামীতা: মৰিগাঁৱত এখন বিশেষ বিয়াক লৈ ব্যাপক চৰ্চা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.