ETV Bharat / state

ধুবুৰীত উৎখাত ভুৱা চাৰ্টিফিকেটৰ ঘাটি

author img

By

Published : Oct 10, 2021, 12:22 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ়ি উঠিছে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা কাৰখানা । নগাঁৱত শিক্ষাগত অৰ্হতাৰ বৃহৎ পৰিমাণৰ জাল নথি পত্ৰ উদ্ধাৰ হোৱাৰ পিছত ধুবুৰীত উৎখাত হৈছে এটা জাল চাৰ্টিফিকেটৰ কাৰখানা । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জাল নথিপত্ৰৰ লগতে বহু আপত্তিজনক সামগ্ৰীসহ আটক হৈছে চাৰিজনকৈ অভিযুক্ত ৷

dhuburi police raid against fake Certificate Factory
ধুবুৰীত উৎখাত জাল চাৰ্টিফিকেটৰ কাৰখানা

ধুবুৰী, 10 অক্টোবৰ : ৰাজ্যত উজান উঠিছে শিক্ষাগত অৰ্হতাৰ জাল চাৰ্টিফিকেট প্ৰস্তুতকৰণৰ ৷ বিদ্যালয়, মহাবিদ্যালয়ত ভৰি নিদিলেও মোটা অংকৰ ধনৰ বিনিময়ত ৰাজ্যৰ একাংশই লাভ কৰিছে মেট্ৰিক, স্নাতক আৰু স্নাতকোত্তৰৰ এডমিট, মাৰ্কশ্বীট কিম্বা চাৰ্টিফিকেট । এক প্ৰকাৰে ক’ব পাৰি যে, ৰাজ্যত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰাল কৈ জাল নথিপত্ৰৰ উজান উঠিছে বিভিন্ন প্ৰান্তত ।

নগাঁৱত বৃহৎ পৰিমাণৰ জাল নথিপত্ৰ উদ্ধাৰ কৰাৰ পিছত এইবাৰ ধুবুৰীত জাল নথিপত্ৰ প্ৰস্তুত কৰা এটা কাৰখানা উৎখাত কৰিছে ধুবুৰী আৰক্ষীয়ে । শুকুৰবাৰে নিশা জাল নথিপত্ৰ সহ ধুবুৰীৰ বিদ্যাপাৰা ভাটিগাঁৱৰ পৰা ডাক বিভাগৰ কৰ্মচাৰী ছোহেলুৰ ওৰফে ছহিদুৰ ৰহমান নামৰ এজনক আটক কৰে ধুবুৰী আৰক্ষীয়ে । তাৰ পাচতেই আটকাধীন ছহিদুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত জাল নথিপত্ৰৰ এটা কাৰখানাত আৰক্ষীয়ে চলাই এক অভিযান ।

ধুবুৰীত উৎখাত জাল চাৰ্টিফিকেটৰ কাৰখানা

আনকি শুকুৰবাৰে নিশাই ধুবুৰী চহৰৰ 14 নং ৱাৰ্ডৰ কলেজ নগৰ অঞ্চলৰ গোলাম শ্বাহ জামান নামৰ আন এজন লোকৰ ঘৰতো ওৰে নিশা চলিল আৰক্ষীৰ তালাচি অভিযান । জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জিৰাণী শৰ্মাৰ নেতৃত্বত চলা এই অভিযানত গোলাম শ্বাহ জামানৰ এটি গোপন কোঠাৰ পৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে দুটা লেপটপ, দুটা কম্পিউটাৰ আৰু উন্নতমানৰ প্ৰিণ্টাৰ সহ বহু আপত্তিজনক সামগ্ৰী ৷

লগতে পঢ়ক : বৰপেটাত নৃশংস ভাৱে 40 জনীয়া দুৰ্বৃত্তই হত্যা কৰিলে দুই ভাতৃক

প্ৰাপ্ত তথ্য অনুসৰি, যিকোনো শিক্ষাগত অৰ্হতাৰ প্ৰমানপত্ৰ প্ৰস্তুত কৰা হৈছিল অভিযুক্ত গোলাম শ্বাহ জামানৰ বাসগৃহত । ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ নেতৃত্বত লাখ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰা হয় শিক্ষাগত অৰ্হতাৰ প্ৰমানপত্ৰ । ডাক বিভাগৰ চাকৰি দিয়াৰ নামত বিক্ৰী কৰা হয় চাৰ্টিফিকেট ।

অভিযোগ অনুসৰি, গোলাম শ্বাহ জামানৰ তিনিমহলীয়া অট্টালিকাৰ ওপৰ মহলাৰ এটা বিশেষ কোঠাত দীৰ্ঘ দিনৰে পৰা বিভিন্ন শিক্ষাগত অৰ্হতাৰ জাল নথিপত্ৰ প্ৰস্তুত কৰি থকা হৈছিল । প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্যায় লৈকে বহু ভুৱা নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলটোৱে । ইফালে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জাল নথিপত্ৰ প্ৰস্তুতকাৰী চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগত গোলাম শ্বাহ জামানৰ পত্নী ছাইৰা বানুৰ লগতে তেওঁৰ কাৰখানাত কৰ্মৰত ৰিংকু নাথ নামৰ এজন কৰ্মচাৰীকো সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : পঞ্চায়তৰ কৰ্মচাৰীৰ কামনাৰ বলি হৈ অন্ত:সত্ত্বা হ'ল কিশোৰী

জানিব পৰা মতে, আটকাধীন গোলাম শ্বাহ জামান ডাক বিভাগৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । আনহাতে, আটকাধীন ছহিদুৰ ৰহমানো এজন ডাক বিভাগৰ কৰ্মচাৰী । এক গোপন খবৰৰ ভিত্তিতে আৰক্ষীয়ে জাল নথিপত্ৰ প্ৰস্তুত কৰা চক্ৰটোৰ তথ্য লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে ৷ সেই তথ্যৰ ভিত্তিতে আৰক্ষীয়ে শুকুৰবাৰে নিশা চলাই এই অভিযান ।

ধুবুৰী আৰক্ষীয়ে সদৰি কৰা অনুসৰি, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজনক আটক কৰিছে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে গোলাম শ্বাহ জামানৰ পুত্ৰ নেকিবুজ্জামান সহ আন কেইবাজনো লোক । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷

ইপিনে জাল নথিপত্ৰ চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গোলাম শ্বাহ জামান আৰু ছোহেলুৰ ৰহমান ওৰফে ছহিদুৰক শনিবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱা হয় ৷ তাৰ পিছতে আদালতে গোলাম শ্বাহ জামানক জেল হাজোতলৈ প্ৰেৰণ কৰে লগতে ছহিদুৰক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ এই তথ্য সদৰি কৰিছে ধুবুৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক : খটখটীত আৰক্ষীৰ তালাচীৰ সময়ত পলায়ন কৰা ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.