ETV Bharat / state

Jayanta Malla Baruah: ভাৰতীয় সংস্কৃতিত বিশ্বাসী লোক কংগ্ৰেছত থাকিবই নোৱাৰে - Indian culture

ধুবুৰী বিজেপি কাৰ্যালয়ৰ ভূমি পূজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Foundation stone of Dhubri BJP office)। ইয়াৰ পিচতেই তেওঁ সত্ৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে ।

Minister Jayanta Malla Baruah at Dhubri
ধুবুৰী বিজেপি কাৰ্যালয়ৰ ভূমি পূজন
author img

By

Published : Apr 24, 2023, 8:56 PM IST

ধুবুৰী বিজেপি কাৰ্যালয়ৰ ভূমি পূজন

ধুবুৰী, ২৪ এপ্ৰিল: "ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিক বিশ্বাস কৰা মানুহ কংগ্ৰেছত থাকিবই নোৱাৰে । কেৱল বিজেপিয়ে আহ্বান দিলেই হ'ল ।" এই মন্তব্য অসম চৰকাৰৰ পৰ্যতন, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ জয়ন্ত মল্ল বৰুৱাৰ । দেওবাৰে ধুবুৰীত নিৰ্মাণ হ'বলগীয়া জিলা বিজেপিৰ দলীয় কাৰ্যালয়ৰ ভূমি পূজন কৰিবলৈ উপস্থিত হৈ এইদৰে মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Bhumi Pujan of Dhubri BJP office) ৷

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধুবুৰীত উপস্থিত হোৱাৰ পিছতেই অংকিতা দত্ত প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "ভাৰতীয় সভ্য সংস্কৃতিক বিশ্বাস কৰা বা সনাতন সংস্কৃতি বিশ্বাস কৰা এজন সাধাৰণ লোকেও কংগ্ৰেছত থাকিব নোৱাৰে (Jayanta Malla Baruahreact on Angkita Dutta)। যিয়ে কংগ্ৰেছত থাকে তেওঁ কিবা এটা ইচ্ছা পূৰণৰ বাবে থাকে । কিন্তু ভাৰতবৰ্ষৰ সনাতন সংস্কৃতি বিশ্বাস কৰা সকলো লোকেই বিজেপিলৈ আহিব লাগে ৷’’

লগতে অংকিতা দত্তই বিজেপিত যোগদান কৰিব বুলি হোৱাৰ চৰ্চাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ দললৈ বহুতেই আহি থাকে । কিন্তু অংকিতা দত্তৰ দৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰী এগৰাকীয়ে এটা বিতৰ্কত সোমাই পৰাৰ সময়তে তৎক্ষণাত বিজেপি দলটোৱে আঁকোৱালি ল'ব বুলি মই নাভাবো ।" ইপিনে, এগৰাকী মহিলাই নিৰ্যাতিত হৈ আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত উচিত তদন্ত কৰি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰী কৰে মন্ত্ৰী বৰুৱাই ।

ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ত সত্ৰ প্ৰতিনিধি সকলৰ সৈতে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণৰ পূৰ্বে জিলা বিজেপি কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Minister Jayanta Malla Baruah at Dhubri)। জিলা বিজেপি কাৰ্যালয়ৰ ভূমি পূজন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, বিজেপি দল এতিয়া মহাসাগৰ ৷ দলীয় কাম কৰিবলৈ আহল বহল ঠাইৰ দৰকাৰ নাই ৷ সেয়েহে জিলাই জিলাই বিজেপিৰ কাৰ্যালয় নিৰ্মাণ হৈ আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Sex racket busted: নগাঁৱত ৰাইজে উৎখাত কৰিলে দেহ ব্যৱসায়ী চক্ৰ; তিনিগৰাকী যুৱতী আৰক্ষীৰ জিম্মাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.