ETV Bharat / state

এটা নলাই জলাকলা খুৱাইছে গৌৰীপুৰৰ ৩ শতাধিক পৰিয়ালক

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 7:56 PM IST

গৌৰীপুৰ পৌৰ সভাৰ অন্তৰ্গত এটা অঞ্চলৰ ৰাইজে এটা নলাৰ বাবে যমৰ যান্ত্ৰণা ভুগিবলগীয়া হৈছে । নলাৰ পৰা ওলাই অহা লেতেৰা আৱৰ্জনাময় পানীয়ে সংকটত পেলাইছে ৰাইজক । বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে ।

Public facing problems due to a drain
এটা নলাই জ্বলা-কলা খুৱাইছে গৌৰীপুৰৰ ৩ শতাধিক পৰিয়ালক

ধুবুৰী, ১৮ নৱেম্বৰ : এটা নলাৰ বাবে দৈনন্দিন জীৱন প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে ধুবুৰীৰ গৌৰীপুৰ পৌৰসভাৰ প্ৰায় ৩ শতাধিক পৰিয়ালৰ । নলাৰ আৱৰ্জনা আৰু দুৰ্গন্ধই সংকটত পেলাইছে লোকসকলক । নলাৰ সমীপৰ পথেৰে যাত্ৰা কৰাটো অসম্ভৱ হৈ পৰিছে অঞ্চলটোৰ লোকসকলৰ বাবে । আটাইতকৈ বেছি প্ৰভাৱিত হৈছে নলাৰ সমীপত থকা ২৪০২ নং মজিবৰ ৰহমান মেমোৰিয়াল এল পি স্কুলৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল ।

উল্লেখ্য যে ধুবুৰীৰ গৌৰীপুৰ নগৰৰ ১ নং ৱাৰ্ডত আছে এই নলাটো । ৩ বছৰমান পূৰ্বে ১ নং ৱাৰ্ডৰ পৰা মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱলৈ যোৱা পথটোৰ এটা অংশত ৭ লক্ষাধিক টকা খৰচ কৰি এই নলাটো নিৰ্মাণ কৰা হৈছিল । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অতি নিম্নমানৰ কাম হোৱাৰ বাবে নলাটোৰ লেতেৰা-দুৰ্গন্ধময় পানী পথটোৰ মাজেৰে পাৰ হৈছে । সেই লেতেৰা পানী গচকিয়ে লোকসকলে যাতায়ত কৰিবলগীয়া হৈছে ।

বিগত প্ৰায় ২-৩ বছৰ ধৰি পথটোত প্ৰতিদিনে পথটোত জমা হৈ থাকে লেতেৰা-দুৰ্গন্ধময় পানী । ফলত অঞ্চলটো প্ৰদূষিত হৈ পৰিছে । ইফালে নলাৰ লেতেৰা-দুৰ্গন্ধময় পানী প্ৰতিদিনেই ২৪০২ নং মজিবৰ ৰহমান মেমোৰিয়াল এল পি স্কুলৰ চৌহদত প্ৰৱেশ কৰে । ফলত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিছে । কিন্তু ৰাইজৰ এনে দুৰ্দশাৰ বিষয়ে গৌৰীপুৰ পৌৰসভা কর্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই ।

বহুবাৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো তেওঁলোকে কোনো পদক্ষেপ লোৱা নাই । এনে পৰিস্থিতিত অঞ্চলটোৰ ভুক্তভোগী লোকসকলে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে । শীঘ্ৰে ৰাইজৰ এই সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে পঢ়ক :নলবাৰীত ৰেস্তোঁৰাত ঘোচ লৈ গ্ৰেপ্তাৰ জোখ-মাখ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.