ETV Bharat / state

বিশ্বকাপ ক্ৰিকেটৰ বুকিৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান - ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় দ্ৰব্যৰ সৈতে গ্ৰেপ্তাৰ তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷

বিশ্বকাপ ক্ৰিকেটৰ বুকিৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান
author img

By

Published : Jun 18, 2019, 5:44 AM IST

ধুবুৰী,18 জুনঃ ধুবুৰীত ড্ৰাগছ জাতীয় বিভিন্ন ঔষধ আৰু অবৈধ তীৰ, এণ্ডিং আৰু ক্ৰিকেট বুকিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ জিলা উপ-আৰক্ষী অধীক্ষকে জনোৱা মতে, যোৱা চৌব্বিশ ঘণ্টাত ইতিমধ্যে জিলা খনৰ ভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় দ্ৰব্য আৰু ঔষধ সহ মজিদুল আহমেদ, মহিবুল ইছলাম আৰু হবিবুল ৰহমানকে ধৰি তিনিজনকৈ ড্ৰাগছ জাতীয় ঔষধ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বাকী সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ৷

বিশ্বকাপ ক্ৰিকেটৰ বুকিৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান

আনহাতে,দেওবাৰে বিশ্বকাপত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা হাই ভল্টেজ খেলখন চলি থকাৰ সময়তে ধুবুৰীৰ একাংশ বুকিয়ে চলাইছিল বৃহৎ জুৱাৰ খেল । এনে এক তথ্যৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই ৰাজেশ সাহ নামৰ এজন বুকিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

Intro: ধুবুৰী আৰক্ষীৰ অভিযান। ড্ৰাগছ আৰু তীৰ এণ্ডিং আৰু আই পি এলৰ লগতে বিশ্বকাপ ক্ৰিকেটৰ বুকিৰ বিৰুদ্ধে অভিযান।

Body: ধুবুৰীত ড্ৰাগছ জাতীয় বিভিন্ন ঔষধৰ বিৰুদ্ধে আৰু অবৈধ তীৰ, এণ্ডিং আৰু ক্ৰিকেট বুকিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। জিলা উপ আৰক্ষী অধীক্ষকে জনোৱা মতে, যোৱা চব্বিশ ঘণ্টাত ইতিমধ্যে জিলা খনৰ ভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় দ্ৰব্য তথা ঔষধ সহ মজিদুল আহমেদ, মহিবুল ইছলাম আৰু হবিবুল ৰহমানকে ধৰি তিনিজনকৈ ড্ৰাগছ জাতীয় ঔষধ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বাকী সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।
ইপিনে দেওবাৰে অনুষ্ঠিত হোৱা ভাৰত পাকিস্তানৰ মাজত হাই ভল্টেজ আই চি চি বিশ্বকাপ খেল চলি থকাৰ সময়ত ধুবুৰীৰ একাংশ ঠাইত একাংশ বুকিয়ে বেটিংৰ বিপৰীতে বৃহৎ জুৱা খেল আৰম্ভ কৰে। এনে এক তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৰাজেশ সাহ নামৰ এজন বিশ্বকাপ ক্ৰিকেট বুকিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Conclusion: অৱশ্যে ধুবুৰীত প্ৰতিদিনে চলি অহা অবৈধ তীৰ আৰু ইণ্ডিঙৰ বুকিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে কেনে ধৰণৰ অভিযান চলায় সেয়া পৰৱৰ্তী সময়তহে দেখা পোৱা যাব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.