ধুবুৰী,19 এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ত গৃহবন্দী ৰোগীসকলক সহায়ৰ হাত আগবঢ়াইছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে দৰিদ্ৰ পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰাৰ লগতে ৰাজ্য আৰু বহিঃৰাজ্যৰ মুঠ ১৫ গৰাকীকৈ বিশেষজ্ঞ চিকিৎসকৰ মোবাইল নম্বৰ আৰু সময় নিৰ্দিষ্ট কৰি তাৰ এখন তালিকা প্ৰস্তুত কৰি চ’ছিয়েল মিডিয়াত প্ৰচাৰ কৰে ।
ৰাজ্যৰ লগতে দেশৰ যিকোনো প্ৰান্তৰ পৰা যিকোনো ৰোগীয়ে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট চিকিৎসকক ফোন কৰি গ্ৰহণ কৰিব পাৰিব চিকিৎসা সেৱা ৷ লগতে, চিকিৎসকৰ পৰামৰ্শ লৈ ৰোগীয়ে ঔষধো ক্ৰয় কৰিব পাৰিব বুলি সংস্থাটোৰ সদস্যই অৱগত কৰে ৷
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰত ওলাল বালি