ETV Bharat / state

অসম-বংগ সীমান্তৰ ৰায়ডাক নৈত যুৱকৰ সলিল সমাধি - মৰণোত্তৰ পৰীক্ষা

ক'ভিড-19 আৰু বানপানীৰ সংহাৰ চলি থকাৰ সময়তে বুধবাৰে ধুবুৰী জিলাত এজন যুৱকৰ মৃত্যুক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ জিলাখনৰ সত্ৰশালৰ সমীপৰ অসম বংগ সীমান্তত সংঘটিত হৈছে এই ঘটনা ৷ ৰায়ডাক নৈত পৰি মৃত্যু হৈছে আগমনি ৰাজহ চক্ৰৰ ঝাপুচাবাড়ী তৃতীয় খণ্ড গাঁৱৰ টুনু সেনৰ পুত্ৰ তৰুণ সেনৰ ৷ লগে-লগে উদ্ধাৰকাৰী দল আহি অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

One dead in duburi assam
অসম বংগ সীমান্তৰ ৰায়ডাক নৈত যুৱকৰ সলিল সমাধি
author img

By

Published : Jul 15, 2020, 6:12 PM IST

ধুবুৰী, 15 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ সংহাৰ চলি থকাৰ সময়তে বুধবাৰে ধুবুৰী জিলাত এজন যুৱকৰ মৃত্যুক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ জিলাখনৰ সত্ৰশালৰ সমীপৰ অসম বংগ সীমান্তত সংঘটিত হৈছে এই ঘটনা ৷ ৰায়ডাক নৈত পৰি মৃত্যু হৈছে আগমনি ৰাজহ চক্ৰৰ ঝাপুচাবাড়ী তৃতীয় খণ্ড গাঁৱৰ টুনু সেনৰ পুত্ৰ তৰুণ সেনৰ ৷

অসম বংগ সীমান্তৰ ৰায়ডাক নৈত যুৱকৰ সলিল সমাধি

জানিব পৰা মতে,মুম্বাইত শ্ৰমিক হিচাপে কৰ্মৰত আছিল যুৱকজন ৷ লক ডাউনৰ কিছুদিন পূৰ্বে ঘৰলৈ উভতি আহিছিল যুৱকজন ৷ স্থানীয় লোকে জনোৱা অনুসৰি,ঘৰলৈ আহি মানসিক অশান্তিত ভুগিছিল যুৱকজন ৷ মঙলবাৰে নিশা পাৱৰছৰাৰ এঘৰত নিশা কটাই পূৱা ঘৰমূৱা হোৱাৰ সময়ত ৰায়ডাক নৈৰ পানীত ককবকাই থকা পৰিলক্ষিত হৈছিল ৷ স্থানীয় লোকে যুৱকজনক প্ৰত্যক্ষ কৰাত উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়ত যুৱকজন দ-পানীত ডুব যোৱা বুলি জানিব দিয়ে ৷

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আগমনি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডুব যোৱা স্থানডোখৰ অসম বংগ মূল সীমাৰ পৰা পোন্ধৰ 20 মিটাৰ পশ্চিমবংগৰ দিশে হোৱা বাবে বংগ প্ৰশাসনৰে যোগাযোগৰ পৰামৰ্শ দি আৰক্ষী উভতি যায় ৷ দিনৰ 1 বজাত কোচবিহাৰৰ পৰা আৰক্ষী, উদ্ধাৰকাৰী দল আহি অভিযান চলাই তিনি বজাত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগে-লগে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কোচবিহাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : কৰ'ণা টেষ্ট কৰিবৰ বাবে অমান্তি হ'ল ৰেখা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.