ধুবুৰী,১ মে': সমগ্ৰ ৰাজ্যতে কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ । বিশেষকৈ কিছুমান জিলাত সংক্ৰমণৰ মাত্ৰা অধিক দেখিবলৈ পোৱা গৈছে । তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ধুবুৰী জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ধুবুৰী জিলাত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি জিলা প্ৰশাসনে । ২-৭ মে'লৈ বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইনৰ সময়সীমা ।
নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈকে সমগ্র ধুবুৰী জিলাত বলৱৎ হৈ থাকিব নৈশ সান্ধ্য আইন । শনিবাৰে জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ দেৱ কুমাৰ কলিতাই জাৰি কৰিছে নৈশ সান্ধ্য আইনৰ নিৰ্দেশনা ।
লগতে পঢ়ক: ডিফুত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন